সৰস্বতী পূজাত বি এইচ বি মহাবিদ্যালয়ত ‘গ্ৰন্থচৰ্চা’ অনুষ্ঠান
নিয়মীয়া বাৰ্তা , ৫ ফেব্ৰুৱাৰীঃ গ্ৰন্থ সম্পৰ্কীয় চৰ্চাৰ মাজেৰে অলপ ব্যতিক্রমী ধৰণেৰে সৰস্বতী পূজা উদযাপন কৰাৰ লগতে ছাত্র-ছাত্ৰীৰ মাজত গ্ৰন্থৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাৰ উদ্দেশ্য আগত ৰাখি বিগত বৰ্ষৰদৰে এইবাৰো সৰুপেটাৰ বিএইচবি মহাবিদ্যালয়ৰ ‘ৰীডাৰ্ছ ক্লাব’ৰ উদ্যোগত মহাবিদ্যালয়ৰ সৰস্বতী পূজা মণ্ডপত ‘গ্ৰন্থচৰ্চা’ শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হয়। ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক নৱমণি শইকীয়া আৰু গ্ৰন্থাগাৰিক ডেইজী কলিতাৰ তত্বাৱধানত অনুষ্ঠিত এই অনুষ্ঠানৰ সঞ্চালনা কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিৰিঞ্চি কুমাৰ দাসে। তেওঁ কয় যে যিহেতু সৰস্বতীক বিদ্যাৰ অধিষ্ঠাত্রী দেৱী বুলি কোৱা হয় আৰু যিহেতু গ্ৰন্থ অধ্যয়নৰ অবিহনে বিদ্যা অৰ্জন সম্ভৱপৰ নহয়, সেয়ে সৰস্বতী পূজা উদযাপনৰ ক্ষেত্রত আটাইতকৈ প্ৰাসংগিক কথা হৈছে গ্ৰন্থ সম্পৰ্কীয় চৰ্চা। মানুহে নিজৰ মুখখন চাবলৈ যেনেদৰে আইনা ব্যৱহাৰ কৰে, তেনেদৰে গ্ৰন্থই মানুহৰ মনৰ আইনাৰ কাম কৰে।
অন্তৰংগ আলাপৰ আৰ্হিত অনুষ্ঠিত এই অনুষ্ঠানত মহাবিদ্যালয়খনৰ শিক্ষক ড° দুৰ্গেশ্বৰ বৰ্মন, ড° কল্পনা বৈশ্য, নৱমণি শইকীয়া, প্ৰীতি ৰেখা দত্ত, ড° দিপ্তীমণি গোস্বামী, স্বস্তিশ্ৰী শইকীয়া, শিল্পাশ্ৰী দাস, গ্ৰন্থাগাৰিক ডেইজী কলিতা, ছাত্ৰ কৃষ্ণা দাস, প্ৰিয়ংকা বৰ্মন, জিমণি বৈশ্য, বিভা কলিতা, হৃদাংগী দাস আদিয়ে নিজৰ প্ৰিয় গ্ৰন্থ, গ্ৰন্থ অধ্যয়নৰ গুৰুত্ব, নতুন প্ৰজন্মৰ মাজত গ্ৰন্থৰ প্ৰতি অনাগ্ৰহ, মোবাইল ফোনৰ উত্থানৰ পৰিৱেশত গ্ৰন্থৰ ভৱিষ্যৎ আদি বিভিন্ন বিষয়ত নিজস্ব অভিমত ব্যক্ত কৰে। মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ কৃত্তিকা মেধিয়ে অনুষ্ঠানটোত ভাগ লৈ নিজৰ গ্ৰন্থ অধ্যয়নৰ অভিজ্ঞতা সম্পৰ্কে কোৱাৰ লগতে গ্ৰন্থৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিবলৈ মহাবিদ্যালয়ে লোৱা এনে পদক্ষেপত সন্তুষ্টি প্ৰকাশ কৰে।
অনুষ্ঠানটোত অধ্যক্ষ ড° দাসে উপস্থিত সকলোৰে মাজত এখন কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত কৰে। যোৱা ১৭ জানুৱাৰীত শিল্পী দিৱস উপলক্ষে আয়োজিত হোৱাটছএপ কুইজ প্ৰতিযোগিতাৰ বঁটাসমূহো এই অনুষ্ঠানতে প্ৰদান কৰা হয়। এই প্ৰতিযোগিতাত মাণিকপুৰৰ গীতালি ৰয়ে প্ৰথম, ভৱানীপুৰৰ পুষ্পাঞ্জলি ডেকাই দ্বিতীয় আৰু সৰুপেটাৰ কৃষ্ণা দাস, নিৰ্মল বৰ্মন, শিল্পাশ্ৰী দাস, গাৰ্গী শৰ্মা আৰু কস্তুৰী শৰ্মাই তৃতীয় স্থান লাভ কৰে। ইয়াৰ উপৰিও ‘সজাগ ভোটাৰ প্ৰতিযোগিতা’ উপলক্ষে বজালী জিলা প্ৰশাসনে আয়োজন কৰা সংগীত আৰু নৃত্য প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা বি, এইচ, বি, মহাবিদ্যালয়ৰ ছাত্ৰী যথাক্রমে ভিতালী কলিতা আৰু নিকিতা কলিতাকো সম্বৰ্দ্ধনা জনোৱা হয়।
প্ৰতিবেদকঃ ভূষণ তালুকদাৰ