নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিত্তমন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত ধুবুৰীৰ গৌৰীপুৰত বিজেপিৰ বিশেষ সাংগঠনিক সভা অনুষ্ঠিত

 - ধুবুৰীত এক চিত্ৰাংকণ অনুষ্ঠানৰ বঁটা বিতৰণী অনুষ্ঠানত অংশ নেওগৰ

নিয়মীয়া বাৰ্তা, ২০জানুৱাৰী: ছাত্ৰ-ছাত্ৰীসলৰ সুপ্ত প্ৰতিভা বিকাশৰ লক্ষ্যেৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “পৰীক্ষা পে চৰ্চা -এক্সাম ৱাৰিওৰ” কাৰ্যসূচীৰ সৈতে আজি ধুবুৰীত আয়োজিত এক চিত্ৰাংকণ প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগ। ধুবুৰী চহৰৰ পাৰঘাটৰ ৰাজীৱ গান্ধী উদ্যানত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসলৰ মাজত অনুষ্ঠিত হোৱা আজিৰ সেই চিত্ৰাংকণ প্ৰতিযোগিতাখনত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা বিজয়ী তিনিগৰাকী প্ৰতিযোগিক আনুষ্ঠানিক ভাৱে বঁটা আৰু মান পত্ৰ প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। পিছত সাংবাদিকৰে হোৱা কথাবতৰাত নেওগে আজিৰ এই চিত্ৰাংকণ প্ৰতিযোগিতাখনত বিচাৰকৰূপে উপস্থিত থকা স্থানীয় আঠগৰাকীকৈ শিল্পীক সুচাৰুৰূপে প্ৰতিযোগিতাখন সুসম্পন্ন কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ল’গতে আজিকালি বহু মা-দেউতাকে গুণগত শিক্ষাৰ নামত নিজৰ নিজৰ ল’ৰা-ছোৱালীক লক্ষ্য বান্ধি দিয়াৰ বিষয়টো উনুকিয়াই তেওঁ আৰু বৰ্তমানৰ ল’ৰা-ছোৱালী সকলক মানসিক স্বাধীনতা দিয়াৰ কামনা কৰে। আজিৰ এই চিত্ৰাংকণ প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠানত ধুবুৰী পৌৰসভাৰ অধ্যক্ষ ডাঃ দেৱময় সান্ন্যাল, বিজেপিৰ ধুবুৰী জিলা সভাপতি প্ৰসেনজিৎ দত্ত প্ৰমুখ্যে বহু কেইগৰাকী মান্যগণ্য ব্যক্তি উপস্থিত আছিল। উল্লেখ্য যে, আজিৰ সেই বঁটা বিতৰণী অনুষ্ঠানৰ পূৰ্বে বুথ স্তৰত সাংগঠনিক স্থিতি পৰ্যালোচনা কৰি বুথসমূহ শক্তিশালী কৰাৰ লক্ষ্যৰে ”বুথ পৰ্যালোচনা,পুনৰীক্ষণ আৰু বুথ সশক্তিকৰণ’ৰ বাবে বিজেপিয়ে আৰম্ভ কৰা বিশেষ সেই অভিযানৰ অধীনত আজি ধুবুৰী জিলাৰ গৌৰীপুৰত এখন বিশেষ সাংগঠনিক সভাত অংশ লয় মন্ত্ৰীগৰাকীয়ে। গৌৰীপুৰৰ “গণেশ আখৰা’ত আয়োজিত সাংগঠনিক সভাখনত বিজেপিৰ ধুবুৰী জিলা সভাপতি প্ৰসেনজিৎ দত্ত, প্ৰাক্তন বিধায়ক তথা জিলা বিজেপিৰ সাধাৰণ সম্পাদক বনেন্দ্ৰ মুচাহাৰী, মণ্ডল সভাপতি, বুথ সভাপতি আৰু শক্তি কেন্দ্ৰৰ প্ৰমুখকে ধৰি দলৰ কাৰ্যকর্তা সকল উপস্থিতি আছিল।

You might also like