গৰু চুৰিৰ ঘটনাক কেন্দ্ৰ কৰি বৰডুমচা আৰক্ষী থানাত উত্তপ্ত পৰিৱেশ; আৰক্ষীৰ লাঠি চালনা
নিয়মীয়া বাৰ্তা, ২৩ জুলাইঃ বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত ৩ নং বৰহোলোং গাঁৱৰ এজন কৃষকৰ এহাল হালোৱা গৰু চুৰি হোৱা এটা ঘটনাক কেন্দ্ৰ কৰি আজি বৰডুমচা আৰক্ষী থানাত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ।
গৰু চুৰিৰ সৈতে জড়িত মূল অভিযুক্তক আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়া আৰু বৰডুমচা আৰক্ষীয়ে গৰু চুৰিৰ সৈতে জড়িত থকাৰ অভিযোগত কালি সন্ধিয়া আটক কৰি অনা অৰুণাচলৰ এজন আৰু অসমৰ দুজন ব্যক্তিক মুকলি কৰি দিয়াৰ দাবীত আজি একাংশ উত্তেজিত পুৰুষ- মহিলাই বৰডুমচা আৰক্ষী থানাত সৃষ্টি কৰে এক উত্তপ্ত পৰিস্থিতিৰ। আজি দুপৰীয়া আৰক্ষী থানাতখনত অসম আৰু অৰুণাচলৰ পৰা আহি উপস্থিত হোৱা একাংক লোকে গৰু চুৰি কাণ্ডৰ সৈতে জড়িত তিনিজনক ব্যক্তিক বৰডুমচা আৰক্ষীয়ে মাৰ্ঘেৰিটাৰ ন্যায়িক জিম্মালৈ নিয়াৰ প্ৰস্তুতি চলাওঁতেই আগভেটি ধৰে। আৰক্ষীৰে হোৱা জনতাৰ বিতৰ্কই এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠি চালনাও কৰিব লগা হয় ।আৰক্ষীৰ লাঠি চালনাত কেইবাগৰাকীও মহিলা আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে যোৱা ১৮ জুলাইৰ নিশা বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত ৩ নং বৰহোলোং গাঁৱৰ টেক বাহাদুৰ লিম্বু নামৰ লোকজনৰ গোহালিৰ পৰাই এহাল হালোৱা গৰু দুৰ্বৃত্তই চুৰি কৰি নিয়ে। গৰু চুৰি সন্দৰ্ভত পিছদিনাই লোকজনে স্থানীয় বৰডুমচা আৰক্ষীক এক এজাৰো দাখিল কৰে বুলি জানিবলৈ দিছে। লোকজনৰ এজাহাৰৰ ভিত্তিত কালি বৰডুমচা আৰক্ষীয়ে অৰুণাচল আৰক্ষীৰ সহযোগত ৩ নং বৰহোলোঙৰ চুৰি হোৱা গৰু হালৰে এটাৰসতে চোৰৰ পৰা ক্ৰয় কৰা ফুলেশ্বৰ স্বাবিনক(৩৮) অৰুণাচলৰ বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত গেলেনজা নামৰ ঠাইৰ পৰা আটক কৰি আনে।
উক্ত লোকজনৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে গৰু চুৰি কাৰ্যৰে জড়িত বৰডুমচাৰ টকৌপথাৰ গাঁৱৰ আলবিছ কেৰকেটা(৩৭) আৰু ২ নং মহঙৰ বিপুল বৰুৱাক (৪১)ক আটক কৰি আনে। অৰুণাচলৰ ফুলেশ্বৰ স্বাবিনে ক্ৰয় কৰা গৰুহালৰ এটা মাংস কাটি বিক্ৰী কৰা বুলি জানিব পৰা গৈছে। আটকাধীন বিপুল আৰু আলবিছে ২ নং মহং গাঁৱৰ ডিজেন্দ্ৰ মৰাণৰ পৰা চুৰি কৰি অনা গৰুহাল ফুলেশ্বৰ স্বাবিনক বিক্ৰী কৰিছে বুলি স্বীকাৰ কৰিছে।
ইফালে উক্ত গৰু চুৰি কাণ্ডৰ মূল অভিযুক্ত ২ নং মহং গাঁৱৰ দিজেন্দ্ৰ মৰাণ নামৰ চোৰটোৰ বিষয়ে ধৃত লোককেইজনে সদৰি কৰা স্বত্বেও আৰক্ষীয়ে আটক নকৰা কাৰ্যত ক্ষোভিত হৈ প্ৰকৃত চোৰক ৰক্ষণাবেক্ষণ দিছে বুলি অভিযোগ তুলি আটকাধীন লোককেইজনক এৰি দিবলৈ বৰডুমচা থানাত একাংশ লোকে সৃষ্টি কৰে উত্তপ্ত পৰিৱেশৰ। বাতৰি লিখা পৰলৈকে চুৰি কাণ্ডৰ সৈতে জড়িত পলাতক দিজেন্দ্ৰ মৰাণক আটক কৰিব পৰা নাই। অন্যহাতে আজি বৰডুমচা আৰক্ষী থানাত সৃষ্টি হোৱা উত্তপ্ত পৰিৱেশৰ বাবে আৰক্ষীকে জগৰীয়া কৰি বৰডুমচা আৰক্ষীয়ে প্ৰকৃত অপৰাধীক ৰক্ষণাবেক্ষণ দি আহিছে বুলি অভিযোগ তুলি থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া লাৰ্ণিছ পেগুক অতি শীৰ্ঘে বদলিৰ দাবী তুলিছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে।