নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুচকুত বক্সাৰ হোৱাৰ সপোন : প্ৰশিক্ষণৰ বাবে আহিছে বৰহোলাৰ এজাক কিশোৰ-কিশোৰী

নিয়মীয়া বাৰ্তা,  ৩ ছেপ্টেম্বৰ : দুচকুত বক্সাৰ হোৱাৰ সপোন বৰহোলাৰ এজাক কিশোৰ-কিশোৰীৰ। আৰম্ভ হৈছে কঠোৰ অনুশীলন। গ্ৰহণ কৰিছে উপযুক্ত প্ৰশিক্ষণ। তেওঁলোকৰ এই সপোনক বাস্তৱ ৰূপ দিবলৈ সহযোগ আগবঢ়াইছে বৰহোলা বক্সিং প্ৰশিক্ষণ কেন্দ্ৰই। তিতাবৰ বক্সিং এচ’ছিয়েচনৰ অন্তৰ্গত বৰহোলা বক্সিং প্ৰশিক্ষণ কেন্দ্ৰৰ তত্বাৱধানত বৰ্তমান বক্সিং প্ৰশিক্ষণ আৰম্ভ কৰিছে প্ৰায় অৰ্ধশতাধিক উদ্যমী কিশোৰ-কিশোৰীয়ে। বৰহোলা বক্সিং প্ৰশিক্ষণ কেন্দ্ৰৰ সম্পাদক তথা প্ৰাক্তন বক্সাৰ দেৱাশীষ বৰুৱাৰ প্ৰচেষ্টাত বৰহোলা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আৰম্ভ হৈছে এই বক্সিং প্ৰশিক্ষণ শিবিৰটো। ৰাজ্যিক পৰ্যায়ৰ অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰা হৈছে কিশোৰ-কিশোৰীসকলক।

উল্লেখ্য যে বৃহস্পতিবাৰে শুভ উদ্ধোধন হোৱা বক্সিং শিবিৰটোৰ উদ্ধোধনী অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলক উৎসাহ যোগাবলৈ উপস্থিত থাকে অসম বক্সিং সন্থাৰ সভাপতি বিবুল হাজৰিকা, সম্পাদক সঞ্জীৱ সন্দিকৈ, বৰহোলা চাহ বাগিছাৰ পৰিচালক দেৱানন্দ বৰুৱা, গোলাঘাট বক্সিং সন্থাৰ সম্পাদক প্ৰাঞ্জল বৰদলৈ, চৰাইদেউ বক্সিং সন্থাৰ সম্পাদক নীলমনি ৰাজখোৱা, মৰান বক্সিং সন্থাৰ সম্পাদক আছাদুল হ’ক, দেৰগাঁও বক্সিং সন্থাৰ দিগন্ত নাথকে ধৰি বহুকেইজন সন্মানীয় ব্যক্তি‌‌।

প্ৰণিধানযোগ্য যে বিগত বৰ্ষত বৰহোলা বক্সিং কেন্দ্ৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলি কেইবাগৰাকী খেলুৱৈয়ে দেশলৈ সু-নাম কঢ়িয়াই অনাৰ উদাহৰণ আছে। চৰকাৰে উপযুক্ত সা-সুবিধা প্ৰদান কৰিলে বৰহোলাৰ এই বক্সিং কেন্দ্ৰটোৰ পৰা বৰ্তমানেও ভাল খেলুৱৈ ওলাব বুলি আশা প্ৰকাশ কৰিছে সম্পাদক দেৱাশীষ বৰুৱাই।

You might also like