নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰহোলা-নগাবাট পথত মৰণফাণ্ড সদৃশ দ গাঁত; যান-বাহনৰ চলাচলত ব্যাপক সমস্যা

নিয়মীয়া বাৰ্তা,  ২৩ অক্টোবৰ : তিতাবৰ মহকুমাৰ অতি ব্যস্ততাপূৰ্ণ বৰহোলা – নগাবাট সংযোগী পথৰ মাজত সৃষ্টি হোৱা কেইটামান মৰণফাণ্ড সদৃশ দ দ গাঁতে দৈনিক যান-বাহন সমূহৰ চলাচলত ব্যাপক সমস্যাৰ সৃষ্টি কৰিছে। উল্লেখ্য যে বৰহোলা – নগাবাট সংযোগী পথটোৰ দহ বছৰ পূৰ্বেই পকীকৰণ হৈছিল যদিও আজিকোপতি পুনৰ মেৰামতি নহ’ল। বৰ্তমান নগাবাট অংশোকা বিদ্যাপীঠৰ সমীপৰ দুয়োফালে পথটোৰ মাজত ইমানেই দ গাঁতৰ সৃষ্টি হৈছে যে বাছ এখন পাৰ হৈ আহোতেও তলৰ অংশ শিল আৰু মাটিত চুচৰি আহিব লগা হয়। তেনেস্থলত সৰু চাৰিচকীয়া বাহন সমূহ দৈনিক কি পৰিস্থিতিৰ মাজেৰে যাতায়ত কৰিব লগা হৈছে সেয়া অবৰ্ণনীয়। এজাক বৰষুণ দিলে এতিয়া গাঁত কেইটা পানীৰে ভৰী পৰে। ফলত সৰু বাহন সমূহ এই গাঁত সমূহত পৰি দুৰ্ঘটনা ঘটনা সম্ভাৱনা থাকে। কেতিয়াবা ফচি ধৰা গাড়ী মানুহে ঠেলি উঠাব লগীয়া পৰিস্থিতিও উদ্ভৱ হৈছে। অতি ব্যস্ত এই পথটোৰ দ গাঁত কেইটা পুতাৰ ক্ষেত্ৰত কিন্তু এতিয়ালৈকে বিভাগীয় কৰ্তৃপক্ষৰ লগতে কোনো জনপ্ৰতিনিধিয়ে অলপো গুৰুত্ব আৰোপ কৰা নাই। যাতায়তত ৰাইজৰ দুৰ্ভোগ বুজিবলৈ আহৰি নাই তিতাবৰৰ বিধায়কগৰাকীৰো। উপায়হীন হৈ পৰা বৃহত্তৰ এলেকাটোৰ ৰাইজে বৰ্তমান মৰণক হৰণ দিয়েই প্ৰতিদিনে অহা যোৱা কৰি আহিছে। বৰ্তমান ১১ কিলোমিটাৰ দৈঘ্যৰ গোটেই পথটোকে মেৰামতিৰ কৰাৰ অতি প্ৰয়োজন যদিও চৰকাৰৰ এইক্ষেত্ৰত অলপো সদিচ্ছা পৰিলক্ষিত হোৱা নাই। ভুক্তভোগী ৰাইজৰ দাবী যে বিভাগীয় কৰ্তৃপক্ষই শীঘ্ৰে পথটোৰ মেৰামতিৰ ব্যৱস্থা কৰক। তাৰ পূৰ্বে মৰণফাণ্ড সদৃশ গাঁত কেইটা পুতি যাতায়তৰ বাবে কিছু সুবিধা কৰক। মৌন হৈ থকা দল-সংগঠনসমূহকো এই ক্ষেত্ৰত সৱল পদক্ষেপ গ্ৰহণ কৰি চৰকাৰক জোৰদাৰ দাবী জনোৱাৰ আহ্বান সচেতন ৰাইজৰ।

অজয় শইকীয়া, নগাবাট

You might also like