বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত বিপিএফৰ প্ৰতিবাদ
নিয়মীয়া বাৰ্তা, ২ অক্টোবৰঃ গান্ধী জয়ন্তীৰ দিনাই মহাত্মা গান্ধীৰ ফটো সন্মুখত লৈ বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত সৰৱ হৈ পৰিছে বিপিএফ দল।ক’ৰোনা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনৰ দিন ধাৰ্য কৰিও ৰাজ্যিক নিৰ্বাচন আয়োগে নিৰ্বাচন স্থগিত ৰাখিবলৈ বাধ্য হৈ পৰিছে।
ইয়াৰ বাবে ৰাজ্যপাল শাসন বলৱৎ হৈ আছে বিটিচিত। তিনি মাহৰ বাবে বলৱৎ হোৱা ৰাজ্যপাল শাসন যাতে পুনৰ নবঢ়ায় তাৰ বাবে প্ৰতিবাদমুখৰ হৈ পৰিছে তিনিবাৰকৈ শাসনৰ বাঘজৰী লোৱা হাগ্ৰামা মহিলাৰী নেতৃত্বাধিন বিপিএফ দলটোৱে।
শুকুৰবাৰে বাগ্সাৰ গোৰেশ্বৰৰ গড়কাপ্টানী পৰিদৰ্শন বঙলাৰ খেলপথাৰত ৰূপায়ণ কৰে চাৰিঘণ্টীয়া অনশন কাৰ্যসূচী।
বিটিচিৰ প্ৰাক্তন ই এম মহেশ্বৰ বসুমতাৰীৰ নেতৃত্বত গোৰেশ্বৰ ব্লক বিপিএফে ৰূপায়ণ কৰে অনশন কাৰ্যসূচী। প্ৰতিবাদকাৰীসকলে বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানো দিয়ে।