নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিপিএফ ত্যাগ কৰিলে প্ৰাক্তন এম চি এল এ আব্দুল আলী মণ্ডলে

নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ বিটিচি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত নিতৌ পদত্যাগ আৰু যোগদান পৰ্ব অব্যাহত আছে। বিভিন্ন দলৰ নেতা কৰ্মীয়ে দল ত্যাগ আৰু যোগান কৰাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ হৈ আছে। মডেল বিটিচি নিৰ্মাণৰ প্ৰতিশ্ৰুতিৰে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন পৰিষদীয় চৰকাৰখনে বিগত ১৭ বছৰে অজনজাতীয় অঞ্চলত চকুত লগাকৈ কোনোধৰণৰ উন্নয়নমূলক কাম নকৰাৰ অভিযোগ উত্থাপিত হৈ আছে। বিশেষকৈ সংখ্যালঘু প্ৰধান এলেকাত উন্নয়নমূলক কাম-কাজত গুৰুত্ব নিদিয়াৰ ফলতেই একাংশ বিপিএফৰ সংখ্যালঘু নেতা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সাধাৰণ ভোটাৰ ৰাইজৰ ওচৰ চাপিব নোৱাৰাত ক্ষোভিত হৈ পৰিছে। একে পৰিস্থিতিৰ বাবে ৭নং ফকিৰাগ্ৰাম সমষ্টিৰ প্ৰাক্তন এম চি এল এ আব্দুল আলী মণ্ডলে আজি বিপিএফ দল ত্যাগ কৰে। দলটোৰ চি ডব্লিও চিৰ সদস্য পদৰ লগতে আন সকলো বিষয়বাবৰ পৰা পদত্যাগ কৰি দলৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীলৈ আজি পদত্যাগ পত্ৰ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। ধৰ্মীয় সংখ্যালঘু প্ৰধান অজনজাতীয় ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিটো বিজেপিক এৰি দি বিপিএফে প্ৰাৰ্থীত্ব নিদিয়া, চাৰি বছৰ পূৰ্বে আব্দুল আলী মণ্ডলে এআইইউডিএফ ত্যাগ কৰি বিপিএফত যোগদান কৰাৰ সময়ত সমষ্টি উন্নয়নৰ বাবে টিচিএলচিচিৰ অধ্যক্ষ পদ দিয়াৰ প্ৰতিশ্ৰুতি হাগ্ৰামা মহিলাৰীয়ে ৰক্ষা নকৰা আৰু সংখ্যালঘু প্ৰধান সমষ্টিটোত উন্নয়নৰ ক্ষেত্ৰত পিঠি দিয়া মনোভাবৰ বাবেই বিপিএফ দল ত্যাগ কৰাৰ মূল কাৰণ বুলি পদত্যাগ পত্ৰখনত উল্লেখ কৰে।

You might also like