নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হুৰাহুৰে জলপৃষ্ঠ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ; জলমগ্ন মেচাকি চাপৰি, বৰং অঞ্চলৰ কুৰিখনৰো অধিক গাঁও

নিয়মীয়া বাৰ্তা, ২৩ জুনঃ হুৰাহুৰে বৃদ্ধি পাবলৈ ধৰিছে ব্ৰহ্মপুত্ৰৰ লগতে লালী নদীৰ জলপৃষ্ঠ । আজি পুৱাৰে পৰা তীব্ৰ গতিত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বাঢ়িবলৈ ধৰাত জোনাই ৰাজহ চক্ৰৰ লাইমেকুৰী গাওঁ পঞ্চায়তৰ মেচাকি চাপৰিৰ অধিকাংশ গাওঁ জলমগ্ন হৈ পৰিছে।

চৰ অঞ্চলটোৰ মিলনপুৰ, জেউতি পথাৰ, মোহনামুখ বড়ো, মোহনামুখ গোৱালা, লামাজান, উদয়পুৰ, ৰুমৈ ৰুমৈ, চিঙ্গাপুৰ, জাউঘূলী বড়ো, জাউঘূলী মিচিং ,মেচাকি ৰাভা, মেচাকি বৰ্মণ, মেচাকি বড়ো, বৰ্মণ চেন্টাৰ, ঢেকীয়াজুলি, কয়লা আলি বড়ো, কয়লা আলি মিচিং, কয়লা আলি বৰ্মণ, আন’ চাপৰি, কেকন দিখাৰী আদি গাওঁ সমূহ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে ।

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বৰ্মণ চেন্টাৰৰ পৰা দদেৰে সংযোগী পথ, মেচাকি বৰ্মণৰ পৰা মেচাকি ৰাভা, মেচাকি বড়ো হৈ দদেৰে সংযোগী পথৰ লগতে চৰ অঞ্চলৰ অধিকাংশ পথেই জলমগ্ন কৰি পেলাইছে । আনহাতে মেচাকি চাপৰি উপ স্বাস্থ্য কেন্দ্ৰটো বানত বুৰ গৈছে । ইপিনে লালী নদীৰ বানত মাঝিআলি, সীতাৰাম চাপৰি, চিত্ৰনগৰ, মিলননগৰ, তল মামৰ আদি চৰ অঞ্চল সমূহ বুৰাই পেলাইছে । ব্ৰহ্মপুত্ৰ আৰু লালী নদীৰ বানৰ কৱলত পৰা বৃহত্তৰ মেচাকি চাপৰি অঞ্চলৰ পশুধনৰ মাজত তীব্ৰ খাদ্য সংকটৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে ।

বাতৰি লিখা সময়লৈকে তীব্ৰ গতিত জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে ব্ৰহ্মপুত্ৰ আৰু লালী । নিশাৰ ভিতৰত মেচাকি চাপৰিৰ লগতে বৰং অঞ্চলৰ ব নৈপৰীয়া বহু গাওঁ বানত জলমগ্ন হৈ পৰাৰ সম্ভাৱনা দেখা গৈছে ।

You might also like