নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চহী নকৰে ধন নাপালে: নগাঁৱৰ জলসিঞ্চনত কার্যবাহী অভিযন্তাৰ উৎকোচৰ বজাৰ

নিয়মীয়া বাৰ্তা, ১৯ জুনঃ জলসিঞ্চন বিভাগৰ কলিয়াবৰ–কলং সংযোজিত জলসিঞ্চন সংমণ্ডলত ব্যাপক দুর্নীতি–নিয়ম সংঘটিত হৈ থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নগাঁও জলসিঞ্চন ঠিকাদাৰ সন্থাই৷ সন্থাৰ সভাপতি ৰবীন চন্দ্র শর্মা, সাধাৰণ সম্পাদক ভাস্কৰ বৰা প্রমুখ্যে একাংশ ঠিকাদাৰে স্বাক্ষৰ কৰা এখন অভিযোগ পত্র নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শর্মাৰ জৰিয়তে জলসিঞ্চন মন্ত্রীলৈ প্রেৰণ কৰা হৈছে৷

  অভিযোগ পত্রখনত নগাঁৱৰ কলিয়াবৰ–কলং সংযোজিত জলসিঞ্চন সংমণ্ডলৰ কার্যবাহী অভিযন্তা শ্রীমন্ত হাজৰিকাৰ বিৰুদ্ধে একাধিক গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ অভিযোগ পত্রখনত উল্লেখ কৰা অভিযোগ অনুসৰি, কার্যবাহী অভিযন্তা হাজৰিকাই ঠিকাদাৰক কামৰ আবণ্টন আৰু ডিমাণ্ডত চহী কৰাৰ নামত উৎকোচ সংগ্রহ কৰাৰ লগতে বিলৰ ডিমাণ্ডত চহী কৰাৰ নামতো অধিক উৎকোচ বিচাৰি ঠিকাদাৰসকলক হাৰাশাস্তি কৰে৷ তদুপৰি আলী আৰু ছিদ্দিক উপাধিৰ দুজন ঠিকাদাৰৰ লগত বিষয়াজনে আওপকীয়াকৈ নিজেও ঠিকাত নামি পৰা বুলিও অভিযোগ পত্রখনত উল্লেখ কৰা হয়৷ ঠিকাদাৰ সন্থাই বিষয়াজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈকো পত্রখনৰ জৰিয়তে আবেদন জনায়৷

   ইপিনে, একাংশ ঠিকাদাৰে সাংবাদিকৰ আগত উত্থাপন কৰা অভিযোগ অনুসৰি, ২০১৯–২০ বর্ষত মেৰামতি শিতানত ডিফলু জলসিঞ্চন উত্তোলন কেন্দ্রৰ বিপৰীতে আবণ্টিত ২৫ লাখ, হালোৱাগাঁও উত্তোলন কেন্দ্রৰ বিপৰীতে আবণ্টিত ৮ লাখ, সূতাৰগাঁও উত্তোলন কেন্দ্রৰ বিপৰীতে আবণ্টিত ৩ লাখ ৫১ হাজাৰ টকা, মিছামুখ উত্তোলন কেন্দ্রৰ বিপৰীতে আবণ্টিত ৮ লাখ ৭ হাজাৰ আৰু ডাকৰঘাট উত্তোলন কেন্দ্রৰ বিপৰীতে আবণ্টিত ৭ লাখ টকা কাম অভিযন্তা হাজৰিকাৰ ঘনিষ্ঠ ঠিকাদাৰৰ মাজত বিতৰণ কৰা হৈছিল৷ উল্লেখিত উত্তোলন কেন্দ্রসমূহত মেৰামতি কার্য প্রহসনত পৰিণত হোৱাৰ অভিযোগো উঠিছে৷

  আনহাতে পকামূৰা ঘাট উত্তোলন কেন্দ্রৰ বিপৰীতে ১ কোটি আৰু হালধিআটী উত্তোলন কেন্দ্রৰ বিপৰীতে এছ অ’ পি ডি শিতানত আবণ্টিত ১ কোটিসহ মুঠ ২ কোটি টকাৰ কামত অবাধ খেলিমেলি সংঘটিত হোৱাৰ আন এক অভিযোগ উঠিছে৷

  ইপিনে, শেহতীয়াকৈ ৰাজ্যৰ জলসিঞ্চন বিভাগৰ মুখ্য অভিযন্তাই নগাঁৱৰ পাঁচ শতাধিক ক্ষুদ্র ঠিকাদাৰক কাম আবণ্টনৰ পৰা বঞ্চিত কৰাৰ ষডযন্ত্র ৰচনা কৰাৰ তথ্য পোহৰলৈ আহিছে৷ বিভাগীয় এক সূত্রে জনা মতে, নগাঁও জলসিঞ্চন সংমণ্ডলৰ অন্তর্গত বুঢ়ীগংগা জলসিঞ্চন উত্তোলিত প্রকল্পত চাৰিটা আঁচনিৰ বিপৰীতে নাবার্ড–২৫ আঁচনিৰ অধীনত ১.২০ কোটি টকা আৰু বটদ্রৱা উত্তোলিত জলসিঞ্চন প্রকল্পত তিনিটা আঁচনিৰ বিপৰীতে মুঠ ৯০ লাখ টকাৰ প্রাককলন প্রস্তুত কৰি ৰাজ্যৰ জলসিঞ্চন বিভাগলৈ প্রেৰণ কৰিছে৷ আনহাতে, কলিয়াবৰ আৰু কলং উত্তোলিত জলসিঞ্চন সংমণ্ডলৰ অন্তর্গত চেকনি পথাৰ জলসিঞ্চন প্রকল্পত দুটা আঁচনিৰ বিপৰীতে ৬০ লাখ টকা আৰু ৰাইদঙীয়া, এফিলিজাৰ জলসিঞ্চন কেন্দ্রত তিনিটাৰ বিপৰীতে ৯০ লাখ টকাৰ আঁচনি প্রস্তুত কৰি আবণ্টনৰ বাবে চৰকাৰলৈ প্রস্তাৱ প্রেৰণ কৰা হৈছে৷ কিন্তু অতি আশ্চর্যজনক কথাটো হ’ল এই কামসমূহ দ্বিতীয় আৰু তৃতীয় শ্রেণীৰ ঠিকাদাৰক বঞ্চিত কৰি পেকেজ পদ্ধতিত কামসমূহৰ গ্রুপ কৰি মুখ্য অভিযন্তাৰ কার্যালয়ে প্রথম শ্রেণীৰ ঠিকাদাৰক দিয়াৰ প্রস্তুতি চলাইছে৷ যাৰ ফলত জিলাখনৰ পাঁচ শতাধিক ক্ষুদ্র ঠিকাদাৰক কামৰ পৰা বঞ্চিত কৰি ভাতেমৰাৰ ষডযন্ত্র ৰচনা কৰাৰ অভিযোগ কৰিছে একাংশ ঠিকাদাৰসকলে৷

  উল্লেখ্য যে কিছুদিন পূর্বে বুঢ়ীগংগাত এছ অ’ পি ডি আঁচনিৰ অধীনত ১.৫০ কোটি টকাৰ কামটো পেকেজ পদ্ধতিৰে এজন/দুজন নির্দিষ্ট ঠিকাদাৰক দি মুখ্য অভিযন্তাৰ কার্যালয়ে ব্যাপক হাৰত কমিছনৰ অংকত লিপ্ত হোৱাৰ অভিযোগো উঠিছে৷ নগাঁও জলসিঞ্চন বিভাগত নতুনকৈ আবণ্টন পাব লগা কোটি কোটি টকাৰ কামসমূহ পেকেজ পদ্ধতিত আবণ্টনৰ ব্যৱস্থা নকৰি জিলাখনৰ সংমণ্ডলত দায়িত্ব দিবলৈ ক্ষুদ্র ঠিকাদাৰসকলে আহ্বান জনাইছে৷

You might also like