ৰঙিয়া সমষ্টিৰ চিপিআই(এম)ৰ প্ৰাৰ্থীৰ প্ৰচাৰ সভালৈ বৃন্দা কাৰাট
নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া ৫৭নং ৰঙিয়া বিধানসভা সমষ্টিৰ ভোটগ্ৰহণলৈ মাজত মাথোঁ ছটা দিন বাকী। ৰাজনৈতিক দলসমূহৰো প্ৰচাৰকাৰ্য ইতিমধ্যে তুংগত উঠিছে। বৃহস্পতিবাৰে ৰঙিয়া সমষ্টিৰ গোৰেশ্বৰৰ বেঙেনাআটি সত্ৰ খেলপথাৰত অনুষ্ঠিত হয় মহাজোঁটৰ চিপিআই(এম)ৰ প্ৰাৰ্থী ডাঃ ভগবান দেৱ মিশ্ৰৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা।
নিৰ্বাচনী সভাত চিপিআই(এম)ৰ কেন্দ্ৰীয় নেত্ৰী তথা প্ৰাক্তন সাংসদ বৃন্দা কাৰাটে মোদী নেতৃত্বাধীন বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে। লগতে ৰাজ্য চৰকাৰৰ জনবিৰোধী কাম-কাজকো সমালোচনা কৰে।
সভাত বিপিএফৰ প্ৰাক্তন ই এম মহেশ্বৰ বসুমতাৰীয়েও বিজেপি চৰকাৰখনৰ কাম-কাজক সমালোচনা কৰে। সহস্ৰাধিক লোক সমবেত হোৱা নিৰ্বাচনী জনসভাত কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ঘনশ্যাম কলিতা, বিপিএফ নেতা তথা বিটিচিৰ প্ৰাক্তন ই এম গণেশ কছাৰী, চিপিআই (এম)ৰ নেতা উদ্ধৱ বৰ্মনকে ধৰি কেইবাগৰাকী শীৰ্ষ নেতা উপস্থিত থাকে।
সভাৰ পূৰ্বে গোৰেশ্বৰৰ ৰাজপথেৰে প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত এক সমদলো উলিয়ায় চিপিআই(এম)দলটোৱে।