নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোক মাৰি জ্বলাই দিয়ক, এনেদৰে অপমান কৰিব নালাগিছিল অতুল–কেশৱে

নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চঃ অগপ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভত জ্বলি–পকি থকা তেজপুৰৰ বিদায়ী বিধায়ক বৃন্দাবন গোস্বামীয়ে শনিবাৰে দলীয় প্রার্থী পৃথ্বিৰাজ ৰাভাক দলটোৰ কার্যালয়ত প্রৱেশত বাধা প্রদান কৰে৷ প্রচণ্ড ক্ষোভ উজাৰি গোস্বামীয়ে কয়– অতুল বৰা, কেশৱ মহন্তই প্রথমে মোৰ শৰীৰত কেৰাচিন ঢ়ালি মোক জ্বলাই দিয়ক৷ মই বাধা নিদিওঁ৷ তাৰ পাছতহে এই কার্যালয়ত আনক প্রৱেশ কৰাৰ ব্যৱস্থা কৰক৷ দলৰ নেতৃত্বই চৰম অপমান কৰা বুলি ক্ষোভ প্রকাশ কৰি দলটোৰ জ্যেষ্ঠ নেতা তথা প্রাক্তন সভাপতি গোস্বামীয়ে কয় যে এই দলটোৱে তেওঁক গুলীয়াইছে৷

আনহাতে, শনিবাৰে অগপৰ কার্যালয়লৈ অহা ৰাভাক আগচি ধৰি কয়– প্রথমে মোক জ্বলাই দিয়া৷ তাৰ বাবে ময়েই খেৰ–খৰি আনি দিম৷ তাৰ পাছতহে ইয়াত তুমি প্রৱেশ কৰিব পাৰিবা৷ নিজকে আত্মমর্যাদাৰে জীয়াই থকা ব্যক্তি বুলি উল্লেখ কৰি কাৰো তলত থাকি নচলোঁ বুলিও হুংকাৰ দিয়ে গোস্বামীয়ে৷ এনেদৰে বিদায়ী বিধায়কগৰাকীয়ে তেজপুৰৰ অগপ কার্যালয় দখল কৰাক লৈ দলটোৰ ভিতৰচ’ৰাৰ লগতে ৰাজনৈতিক মহলত তীব্র চর্চা হৈছে৷

উল্লেখ্য যে নির্দলীয় প্রাৰ্থী ৰূপে মনোনয়ন দাখিল কৰা গোস্বামীয়ে কালি মনোনয়ন–পত্র প্রত্যাহাৰ কৰিলেও অগপৰ কেন্দ্রীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভৰ ডপশম হোৱা নাই৷ আনকি তেওঁ দলৰ প্রাৰ্থীগৰাকীকো প্রকাৰান্তৰে সহায় নকৰাৰ ইংগিত দিয়ে৷ উল্লেখ্য যে তদানীন্তন অগপৰ জিলা সভাপতি প্রয়াত ধনঞ্জয় দাসৰ আশাশুধীয়া চেষ্টাৰ ফলত নির্মাণ হোৱা অগপৰ দলীয় কার্যালয়টোক লৈ এতিয়া দুই ভাগত বিভক্ত হৈছে স্থানীয় অগপ শিবিৰ৷

লক্ষণীয়ভাৱে শুকুৰবাৰে উক্ত কার্যালয়ত দলৰ প্রক্ষেপিত প্রাৰ্থী পৃথ্বিৰাজ ৰাভাক লগত লৈ অগপ জিলা সভাপতি ৰাতুল নাথ, সাধাৰণ সম্পাদক বিদ্যুৎ বিজয় মহন্ত, অগপ নেতা সুশীল শর্মা, বিমল শইকীয়াকে প্রমুখ্য কৰি যুৱ পৰিষদ, মহিলা পৰিষদৰ সদস্যসকলে সভা অনুষ্ঠিত কৰি প্রাথ্গৰাকীক বিপুল আদৰণি জনাইছিল৷ উক্ত সভাতেই একাংশ দলীয় কম্য়ে অগপৰ কার্যালয়ত প্রাৰ্থীগৰাকীক সঘন যোগাযোগ ৰাখি ইয়াৰ পৰাই নির্বাচনী প্রচাৰ চলাবলৈ আহ্বান জনাইছিল৷ সেই আহ্বানৰ প্রতি সঁহাৰি জনাই প্রাৰ্থীগৰাকীয়ে শনিবাৰে কার্যালয়ত উপস্থিত হওঁতেই জ্যেষ্ঠ নেতা বৃন্দাবন গোস্বামীয়ে প্রাৰ্থীগৰাকীক কার্যালয়ত প্রৱেশত বাধা দিয়ে৷

গোস্বামী খঙত অগ্ণিশর্মা হৈ অগপৰ সভাপতি অতুল বৰা আৰু কার্যকৰী সভাপতি কেশৱ মহন্ত প্রমুখ্যে নেতৃত্বৰ প্রতি বিষোদগাৰ প্রকাশ কৰাই নহয়, এই কার্যালয়ত প্রথমে মোক কেৰাচিন ঢ়ালি জ্বলাইহে বেলেগে প্রৱেশ কৰিব পাৰিব বুলি হুংকাৰ দিয়ে৷ অতুল বৰা সিদিনাৰ, কেশৱ মহন্ত সিদিনাৰ, কিন্তু মই দলৰ দুর্দিনৰ সময়তো দেহেকেহে কাম কৰিছিলোঁ৷ কিন্তু ইয়াৰ পাছত মোক কোনো কথা অৱগত নকৰাকৈ কিয় অসন্মান কৰা হ’ল বুলি প্রশ্ন কৰে বৃন্দাবন গোস্বামীয়ে৷ তেওঁ লগতে প্রশ্ন কৰে– পদ্ম হাজৰিকাই ক’ত অধিকাৰ পালে মোৰ বিপক্ষে মাত মাতিবলৈ? সাংসদ পল্লৱলোচন দাসে মোক সন্ন্যাস ল’বলৈ কৈছে৷ মই সেয়েহে পল্লৱলোচন দাসক ক’ব খুজিছেছা প্রথমে নৰেন্দ্র মোদী, আদৱানিয়ে সন্ন্যাস লওক৷ তাৰ পাছত মই ল’ম৷ মোক এই কার্র্যালয়ত সৎকাৰ কৰাৰ পাছতহে ইয়াত আনে আহি অৱস্থান কৰিব পাৰিব৷ গোস্বামীয়ে লগতে এইবুলিও তাৎপর্যপূর্ণ মন্তব্য কৰে যে বিজেপিৰ প্রতি মোৰ আক্ষেপ নাই৷ দলটোৱে স্বাভাৱিকভাৱে তেজপুৰ আসনখন অগপৰ বাবে এৰি দিছে৷ মোৰ আক্ষেপ, মোৰ প্রতিবাদ আছে অগপৰ নেতৃত্বৰ প্রতি৷ তেওঁলোক দললৈ সৌ সিদিনা আহিছে৷ মোৰ দলৰ প্রতি অৱদান সকলোৱে জানে৷ তাৰ পাছতো মোৰ প্রতি এনে অসন্মান কেতিয়াও সহ্য কৰা নহ’ব৷ ইয়াৰ প্রতিবাদকল্পেই মই মনোনয়ন–পত্র দাখিল কৰিছিলোঁ৷ এই প্রতিবাদ অব্যাহত থাকিব বুলি তেওঁ ক্ষোভ উজৰাত একপ্রকাৰ অস্বত্বিত পৰে একাংশ অগপ কম৷ জ্যেষ্ঠ ৰাজনীতিবিদগৰাকীৰ এনে আচৰণক লৈ এতিয়া তেজপুৰত বিশেষ চর্চা আৰম্ভ হৈছে৷ অনাগত সময়ত জ্যেষ্ঠ নেতাগৰাকীৰ ভূমিকা কেনেধৰণৰ হ’ব, তাক লৈ গুণাগঁথা চলিছে ৰাজনৈতিক মহলত৷

You might also like