নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিএডিত প্রাকনির্বাচনী হিংসাঃ ভেৰগাঁৱত ইউপিপিএলৰ সদস্যক চোকা অস্ত্রৰে আক্রমণ বিপিএফ কর্মীৰ

নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট: বিটিচিৰ নির্বাচনৰ দিন–বাৰ ঘোষণা নহ’লেও ভিতৰি ভিতৰি নির্বাচনী বতাহ উত্তপ্ত হৈ থকা পৰিলক্ষিত হৈছে৷ কালি ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ ১নং ডিমাকুছিত বি পি এফৰ সমর্থক গুণ্ডা বাহিনীৰ এটা দলে ইউ পি পি এলৰ সদস্য নিত্যানন্দ মিত্র নামৰ এগৰাকী লোকৰ ঘৰত প্রৱেশ কৰি কোনো কথাৰ অৱতাৰণা নকৰাকৈ মাৰধৰ কৰি হত্যাৰ প্রচেষ্টা চলোৱা ঘটনাই তীব্র উত্তেজনা সৃষ্টি কৰিছে অঞ্চলটোত৷

ঘটনাৰ বিৱৰণী মতে, ১নং উত্তৰ ডিমাকুছি নিৱাসী নিত্যানন্দ মিত্রই পত্নী আৰু দুগৰাকী কণ কণ কন্যাসহ মিস্ত্রীৰ কাম–কাজ কৰি জীৱন নির্বাহ কৰাৰ লগতে প্রমোদ বডো নেতৃত্বাধীন ইউ পি পি এলত যোগদান কৰি ভেৰগাঁও জিলা সমিতিত সদস্য হিচাপে দায়িত্ব লাভ কৰি নিষ্ঠাৰে কাম কৰি আহিছে৷ কিন্তু বি পি এফৰ সমর্থক কৃষ্ণ পাল, অমৰ পালৰ লগতে কেইবাগৰাকী উগ্র সমর্থকে নিত্যানন্দ মিত্রক ইউ পি পি এলৰ হৈ কাম নকৰিবলৈ বহুবাৰ সকীয়নি দি আহিছিল আৰু সকীয়নি নামানিলে মৃত্যুৰ ভাবুকিও দি অহাৰ লগতে মিত্রৰ দুগৰাকী কন্যাক অপহৰণ কৰা হ’ব বুলিও ভাবুকি দি আহিছিল অমৰ পালে৷

উক্ত সকীয়নিআওকাণ কৰি নিত্যানন্দ মিত্রই ইউ পি পি এলৰ হৈ মাজে–সময়ে কাম কৰি থকাৰ কথা গম পায়েই কালি নিশা অমৰ পাল, কৃষ্ণ পালসহ দুষৃকতিকাৰীৰ এটা দলে অতর্কিতে নিত্যানন্দ মিত্রৰ ঘৰত প্রৱেশ কৰি জধে–মধে মাৰপিট কৰি চোকা অস্ত্রৰে ভৰিত আঘাত কৰি আহত কৰি ততাতৈয়াকৈ উক্ত স্থান ত্যাগ কৰি আঁতৰি যায়৷ ঘটনা ৰাষ্ট্র হৈ পৰাৰ লগে লগে ইউ পি পি এলৰ বহু সমর্থক, সদস্য মিত্রৰ ঘৰত উপস্থিত হয় আৰু দুষৃকতিকাৰীৰ বিৰুদ্ধে জাঙুৰ খাই উত্তেজিত হৈ পৰে৷ ঘটনাটোত নিত্যানন্দ মিত্রৰ সর্বশৰীৰত বাঁহৰ কামিৰে আঘাত কৰাৰ চিহ্ণ স্পষ্ট দেখাৰ লগতে সোঁহাতৰ বাহুৰ হাড ভঙাৰ উপৰি সোঁভৰিৰ আঙুলি বেয়াকৈ দাৰে কটা গৈছে৷ আহত অৱস্থাত ততাতৈয়াকৈ চিকিৎসালয়ত ভর্তি কৰাৰ পাছত ঘৰলৈ অনা হয়৷ বর্তমান নিত্যানন্দ মিত্র সুস্থ অৱস্থাত আছে যদিও ভগ্ণ হাত লৈ চিকিৎসাধীন হৈ আছে৷ উক্ত ঘটনাক ইউ পি পি এল দলে তীব্র ভাষাৰে গৰিহণা দিয়াৰ লগতে ঘটনাৰ লগত জডিত দুষৃকতিকাৰীসকলক শীঘ্রে কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্রদান কৰিবলৈ প্রশাসনক দাবী জনাইছে৷

ইতিমধ্যে ডিমাকুছি আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰি জোৰ তদন্ত চলাই অমৰ পালক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু ৭২/২০ ইউ/এছ–৪৪৮/৩২৬/৩০৭/৩৫৪/ ৫০৬/৩৪ আইপিচি ধাৰাত কেছ ৰুজু কৰি জে’ল–হাজোতলৈ প্রেৰণ কৰিছে৷ ঘটনাৰ লগত জড়িত কৃষ্ণ পালৰ লগতে আন কেইবাজনো পলাতক হৈ আছে৷

You might also like