নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘বিটিচিত লুণ্ঠনৰ বাবে অহা এন্দুৰক ভেটিব বিপিএফৰ মেকুৰীয়ে’

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ  চিৰাং জিলাৰ সদৰ কাজলগাঁওস্থিত কাজলগাঁও সাপ্তাহিক বজাৰ চৌহদত  বি পি এফ দলে এখন গণ সমাৱেশ তথা নির্বাচনী প্রচাৰ সভা অনুষ্ঠিত কৰে৷ ১৫নং কাজলগাঁও (জনজাতি) পৰিষদীয় সমষ্টিৰ বি পি এফ দলৰ প্রার্থী পানীৰাম ব্রহ্মৰ সমর্থনত কাজলগাঁও ব্লক কমিটীৰ অন্তর্গত বিভিন্ন গাঁৱৰ কেইবাসহস্র বি পি এফ কর্মী–সমর্থকে গণসমাৱেশ তথা নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰে৷ বিটিচিৰ প্রাক্তন মুৰব্বী তথা বি পি এফ সভাপতি হাগ্রামা মহিলাৰীৰ লগতে ৰাজ্যৰ পর্যটন মন্ত্রী চন্দন ব্রহ্ম উপস্থিত থাকে সভাখনত৷

ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ মিত্রদলৰ মন্ত্রী চন্দন ব্রহ্মই সতীর্থ মন্ত্রী তথা বিজেপিৰ অন্যতম প্রভাৱশালী নেতা তথা ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাক তীব্র সমালোচনা কৰি নিজৰ ভাষণত কয় যে হিন্দু–মুছলমান বিভাজনৰ ৰাজনীতিত সন্মতি নিদিয়া বাবেই বি পি এফৰ মুৰব্বী হাগ্রামা মহিলাৰীক সমালোচনাৰ লক্ষ্য কৰি লৈছে৷ তেওঁ লগতে মন্ত্রী ড০ শর্মাই নির্বাচনী প্রচাৰ সভাত ৰাইজক উদ্দেশ্যি দিয়া ভাষণত ‘দর্খাস্ত দিয়ক আৰু বি টি আৰত থকাৰ ইচ্ছা নাই যদি ওলাই যাওক নাইবা বি টি আৰত বসবাস কৰাৰ ইচ্ছা আছে যদি তেনেহ’লে বি টি আৰৰ বাসিন্দা হওক’ বোলা কথাষাৰৰ তীব্র প্রতিক্রিয়া প্রকাশ কৰে৷ মন্ত্রী চন্দন ব্রহ্মই এখন গাঁৱকো বিটিচিৰ পৰা কর্তন কৰিব নোৱাৰিব বুলি কয়৷ সেই কাম আমি কোনো দিনেই হ’বলৈ নিদিওঁ বুলি দৃঢ়তাৰে ঘোষণা কৰে৷ যদি ক্ষমতা আছে, মন্ত্রী হিমন্ত বিশ্ব শর্মাই এখন গাঁও কর্তন কৰি দেখুৱাওক বুলি প্রত্যাহ্বান জনায়৷ মন্ত্রী চন্দন ব্রহ্মই হিমন্ত বিশ্ব শর্মাই নির্বাচনী প্রচাৰ সভাত বি পি এফ মুৰব্বী হাগ্রামা মহিলাৰীক মেকুৰী বুলিও কটাক্ষ কৰা কার্যৰো তীব্র ভাষাৰে নিন্দা কৰে৷ তেওঁ নিজ দল বি পি এফক মেকুৰী বুলি তুলনা কৰি মন্ত্রী হিমন্ত বিশ্ব শর্মা প্রমুখ্যে বিটিচিৰ শাসনভাৰৰ বাবে আগ্রহী অন্যান্যসকলক এন্দুৰ–নিগনীৰ লগত তুলনা কৰি কয় যে বি পি এফে মেকুৰীৰ দৰে তীক্ষ্ণ নজৰ দি এন্দুুৰ–নিগনীৰ দৰে ভোগ–লুণ্ঠনৰ উদ্দেশ্যে বিটিচিত প্রৱেশ কৰিবলৈ বিচৰাসকলক প্রতিৰোধ কৰিব৷

আনহাতে, বি পি এফ মুৰব্বী হাগ্রামা মহিলাৰীয়ে সভাত উপস্থিত ধর্মীয় আৰু ভাষিক সংখ্যালঘুৰ লোকসকলৰ লগতে চৰকাৰী ভূমিত বসবাস কৰা অন্যান্য জাতি–জনগোষ্ঠীৰ লোকসকলক পৰিষদীয় নির্বাচনৰ পাছত তেওঁলোকৰ দলে ২০২১ৰ জানুৱাৰী–ফেব্রুৱাৰী মাহৰ ভিতৰত চৰকাৰী ভূমিত দীর্ঘসময় ধৰি বসবাস কৰা লোকসকলক ভূমি পট্টা প্রদান কৰা হ’ব বুলি নিশ্চিতি প্রদান কৰে৷ হাগ্রামা মহিলাৰীয়ে ১৫নং কাজলগাঁও (জনজাতি) পৰিষদীয় সমষ্টিৰ বি পি এফ দলৰ প্রার্থী পানীৰাম ব্রহ্মক বিপুল ভোটৰ ব্যৱধানত জয়যুক্ত কৰাবলৈ সভাত উপস্থিত সকলোকে আহ্বান জনায়৷ আজিৰ গণসমাৱেশ তথা নির্বাচনী প্রচাৰ সভাত বি পি এফ মহিলা গোটৰ সভানেত্রী সুপ্রিয়াৰাণী ব্রহ্মৰ লগতে দলৰ বহুকেইজন শীর্ষ নেতাই অংশগ্রহণ কৰে৷ সভাৰ মাজতে কণ্ঠশিল্পী ভৃগু কাশ্যপে বি পি এফ দলৰ হৈ প্রস্তুত কৰা নির্বাচনী গীত পৰিৱেশন কৰি ভোটাৰ ৰাইজক আকর্ষিত কৰিবলৈ প্রয়াস কৰে৷

You might also like