নিয়মীয়া বার্তা, ৫ ডিচেম্বৰঃ বিগত সোতৰ বছৰে বিটিচিত ব্যাপক দুর্নীতি–নিয়ম সংঘটিত হৈছে৷ কিন্তু বিজেপিয়ে দুর্নীতি নকৰে৷ এইবাৰ বিটিচিত বিজেপি চৰকাৰ হ’ব৷ বিটিচিত বিজেপি চৰকাৰ হ’লে ইয়াৰ পৰা নোহোৱা হ’ব দুর্নীতি৷ –এই ভাষ্য বটদ্রৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ৷ আজি বিজনী মহকুমাৰ ১৮নং মানাস ছেৰফাং সমষ্টিৰ বিজেপি প্রার্থী শিৱনাথ ব্রহ্মৰহৈ বিজনীৰ বৰপথাৰত প্রচাৰ চলাবলৈ আহি এই মন্তব্য কৰে বিধায়িকাগৰাকীয়ে৷ বিধায়িকা আঙুৰলতা ডেকাই কয়– এইবাৰ বিটিচিত বিজেপিৰ চৰকাৰ হ’ব৷ বিজেপিক কোনেও ৰখাব নোৱাৰে৷ এই ১৭ বছৰে বিটিচিত বিপিএফে কেৱল দুর্নীতি কৰিছে৷ উন্নয়নৰ নামত একো কামেই নকৰিলে৷ সেয়েহে আমি এইবাৰ ওলাই আহিছোঁ বিটিআৰত দুর্নীতিমুক্ত এখন বিজেপি চৰকাৰ গঠন কৰিবলৈ৷ সভাত তেওঁ বিয়ানাম, বিহুগীত আদি গাই সকলোকে আপ্লুত কৰে৷ বিধায়িকাগৰাকীয়ে প্রার্থী শিৱনাথ ব্রহ্মক দুর্নীতিৰ পৰা আঁতৰত থাকিবলৈ আহ্বান জনায়৷ বিজেপি প্রার্থী শিৱনাথ ব্রহ্মদুর্নীতিৰ পৰা আঁতৰত থকাৰ বাবে ৰাইজৰ ওচৰত অংগীকাৰবদ্ধ হয়৷ ব্রহ্মই সমষ্টিটোৰ পৰিৱর্তনৰ স্বার্থত তেওঁক পদুম ফুলৰ ছবিত ভোট দি জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনায়৷ উক্ত নির্বাচনী সভাত সহস্রাধিক লোক উপস্থিত থাকে৷