কাইলৈ বাক্সা–ওদালগুৰিত বিটিচিৰ ভোট; প্রথম পর্যায়ৰ হাই ভল্টেজ নির্বাচনী প্রচাৰৰ সামৰণি
নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ অহা এপ্রিল মাহত অনুষ্ঠিতব্য বিধানসভা নির্বাচনৰ পূর্বে সমগ্র অসমবাসীৰ দৃষ্টি নিবদ্ধ হৈ ৰৈছে বিটিচি দখলৰ যুঁজখনত৷ ৰাজ্যৰ ৰাজনীতিত ছেমিফাইনেল ৰূপে অভিহিত বড়োভূমিৰ পৰিষদীয় নির্বাচনে পোনপ্রথমবাৰৰ বাবে এক নতুন মাত্রা লাভ কৰিছে৷ বিগত ১৫ বছৰে বিটিচিত চৰকাৰ চলোৱা বি পি এফ আৰু বিৰোধী ইউ পি পি এলৰ লগতে ৰাজ্যৰ শাসকীয় মিত্রজোঁটৰ নেতৃত্ব বহন কৰা বিজেপিয়ে নামি পৰিছে বি টি আৰবাসীৰ আস্থা অর্জনৰ লক্ষ্যৰে৷ তুলনামূলকভাৱে কিছু নিস্তেজ দেখা গ’লেও বড়োভূমিৰ ৰাজনীতিত গণ সুৰক্ষা পার্টী আৰু কংগ্রেছ–এ আই ইউ ডি এফেও নিজৰ শক্তি প্রদর্শনৰ চেষ্টা চলাইছে৷ নির্বাচনী প্রেক্ষাপটত ৰাজনৈতিক দলসমূহৰ জনসভা, পদযাত্রা, সমদল, বাইক–চাইকেল ৰেলী, ৰোড শ্ব’ক কেন্দ্র কৰি বি টি আৰত এতিয়া উখল–মাখল পৰিৱেশ৷ এক কথাত ক’বলৈ গ’লে পূর্বে অস্ত্রৰ জনজননিয়ে অশান্ত কৰি ৰখা বড়োভূমিত এইবাৰ গণতন্ত্রৰ উৎসৱক কেন্দ্র কৰি সৃষ্টি হৈছে পাৰভঙা উছাহৰ লহৰ৷ নিজৰ পছন্দৰ ৰাজনৈতিক দল–প্রার্থীৰ সমর্থনত সর্বস্তৰৰ জনসাধাৰণ ওলাই আহি সমৱেত হৈছে৷ মহামাৰী ক’ৰোনাৰ সংক্রমণ ক্রমাৎ হ্রাস পাবলৈ ধৰাৰ মাজতে ৰাজ্যিক নির্বাচন আয়োগে ঘোষণা কৰা বিটিচি নির্বাচনলৈ বি টি আৰবাসীৰ সমর্থনে কার্যতঃ দাঙি ধৰিছে এক নজিৰবিহীন উদাহৰণ৷ ইয়াৰ মাজতে ৰাজ্যিক নির্বাচন আয়োগৰ পূর্বনির্ধাৰিত সূচী অনুসৰি কালি প্রথম পর্যায়ৰ নির্বাচনৰ প্রচাৰ অভিযানৰ আনুষ্ঠানিকতাৰ অন্ত পৰে৷
বি টি আৰৰ অন্তর্গত চাৰিখন জিলাত দুটা পর্যায়ত ভোটগ্রহণ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল ৰাজ্যিক নির্বাচন আয়োগে৷ সেই অনুসৰি অহা ৭ ডিচেম্বৰত বাক্সা আৰু ওদালগুৰি জিলাৰ অন্তর্গত মুঠ ২১টা পৰিষদীয় সমষ্টিত নির্বাচন অনুষ্ঠিত হ’ব৷ দ্বিতীয় পর্যায়ত অহা ১০ ডিচেম্বৰত কোকৰাঝাৰ জিলাৰ ১২টা আৰু চিৰাং জিলাৰ ৭টা পৰিষদীয় সমষ্টিত নির্বাচনৰ দিন নির্ধাৰণ কৰা হৈছে৷ দুটা পর্যায়ত নির্বাচন অনুষ্ঠিত হ’লেও বিটিচিৰ নির্বাচন অনুষ্ঠিতব্য ৪০টা পৰিষদীয় সমষ্টিৰ বাবে একেদিনাই অর্থাৎ অহা ১২ ডিচেম্বৰত ভোটগণনা হ’ব৷ প্রথম পর্যায়ৰ নির্বাচনৰ হাইভল্টেজ প্রচাৰ অভিযানৰ অন্তিম দিনাও বড়োভূমিত পৰিলক্ষিত হ’ল ব্যাপক আনন্দ–উৎসাহ৷
প্রতিটো ৰাজনৈতিক দলে অনুষ্ঠিত কৰা নির্বাচনী প্রচাৰ অনুষ্ঠানলৈ হিলদল ভাঙি ওলাই আহিল জনতা৷ বিশেষকৈ অন্তিম দিনাও চমকপ্রদ প্রচাৰ অভিযানৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখে বিজেপিয়ে৷ বাক্সা আৰু ওদালগুৰিত বিজেপিৰ নির্বাচনী প্রচাৰত জনসাধাৰণৰ ব্যাপক সমর্থন পৰিলক্ষিত হয়৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিত্তমন্ত্রী তথা নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসকে ধৰি দলটোৰ কেইবাজনো ষ্টাৰ কেম্পেইনাৰে দলীয় প্রার্থীৰ হৈ বাক্সা আৰু ওদালগুৰি জিলাৰ বিভিন্ন স্থানত নির্বাচনী প্রচাৰ চলায়৷
বিগত দিনকেইটাত বড়োভূমিত বিজেপিৰ নির্বাচনী প্রচাৰক বিত্তমন্ত্রী তথা নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা আৰু দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে সমুখৰ পৰা নেতৃত্ব দি আহিছে৷ ইয়াৰ মাজতে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালেও যোৱা ২ ডিচেম্বৰৰ পৰা কালিলৈ ধাৰাবাহিকভাৱে নির্বাচনী প্রচাৰ চলাইছে৷ প্রথম পর্যায়ত নির্বাচন অনুষ্ঠিত হ’বলগীয়া বিটিচিৰ ২১টা পৰিষদীয় সমষ্টিৰ ভিতৰত বিজেপিয়ে ১৮টা সমষ্টিতে প্রক্ষেপ কৰিছে দলীয় প্রার্থিত্ব৷ দলটোৱে বাক্সা জিলাৰ ৮টা আৰু ওদালগুৰিৰ ১০টা পৰিষদীয় সমষ্টিত প্রার্থী থিয় কৰাইছে৷ সেইদৰে ইউ পি পি এলে বাক্সাৰ ১১টা আৰু ওদালগুৰিৰ ১০টা সমষ্টিত প্রতিদ্বন্দ্বিতা আগবঢ়াইছে৷ বি পি এফ আৰু গণ সুৰক্ষা পার্টীয়ে বাক্সাৰ ১০টাকৈ পৰিষদীয় সমষ্টিত প্রার্থী থিয় কৰোৱাৰ বিপৰীতে ওদালগুৰিৰ সমসংখ্যক পৰিষদীয় সমষ্টিতে দুয়োটা দলে প্রক্ষেপ কৰিছে প্রার্থিত্ব৷ ৰাজ্যৰ ৰাজনীতিত বহুচর্চিত মিত্রতা তথা মহাজোঁটবন্ধনৰ বার্তা দিয়া কংগ্রেছে ওদালগুৰিৰ চাৰিটা আৰু এ আই ইউ ডি এফে তিনিটা পৰিষদীয় সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিছে৷ বাক্সা জিলাৰ ১১টা পৰিষদীয় সমষ্টিত প্রতিদ্বন্দ্বিতা কৰা মুঠ প্রার্থীৰ সংখ্যা হ’ল ৬৪জন৷
ইয়াৰ বিপৰীতে ওদালগুৰি জিলাৰ ১০টা পৰিষদীয় সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হৈছে ৬০জন প্রার্থীয়ে৷ অহা ৭ ডিচেম্বৰত এই ১২৪জন প্রার্থীৰ ভাগ্য বন্দী হ’ব বেলট বাকচত৷ সেই দিনা পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ ভোটগ্রহণৰ সময় নির্ধাৰণ কৰা হৈছে৷ বাক্সাত মুঠ ভোটাৰৰ সংখ্যা ৭,৩৯,৭৪২জন হোৱাৰ বিপৰীতে ওদালগুৰি জিলাত ভোটাৰ আছে ৬,২২,৪০৮জন৷ এই সর্বমুঠ ১৩,৬২,১৫০জন ভোটাৰে প্রতিদ্বন্দ্বিতাত নমা ১২৪জন প্রার্থীৰ ভাগ্য নির্ণয় কৰিব৷ উল্লেখ্য যে এইবাৰৰ বিটিচি নির্বাচনৰ প্রচাৰৰ আৰম্ভণিৰে পৰাই ৰাজনৈতিক দলসমূহৰ মাজত পৰিলক্ষিত হৈছে তীব্র বাক্যুদ্ধ৷ বিশেষকৈ ৰাজ্যৰ শাসকীয় মিত্রজোঁটৰ অন্যতম অংশীদাৰ বি পি এফৰে বিজেপিৰ সংঘাত তুংগত উঠিছে৷ বি পি এফৰ সভাপতি তথা বিটিচিৰ প্রাক্তন মুখ্য কার্যবাহী সদস্য হাগ্রামা মহিলাৰী আৰু বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ মাজত বিনিময় হৈছে তীক্ষ্ণ বাক্যবাণ৷ বি পি এফ আৰু দলটোৰ মুৰব্বী হাগ্রামা মহিলাৰীক চোকা সমালোচনা কৰি আহিছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসেও৷ এইক্ষেত্রত পিছপৰি ৰোৱা নাই ইউ পি পি এলৰ সভাপতি প্রমোদ বড়ো৷ বি টি আৰ চুক্তিৰ পাছতে ইউ পি পি এলত যোগদান কৰি দলটোৰ সভাপতিৰ দায়িত্ব গ্রহণ কৰা প্রমোদ বড়োৱে বিগত ১৫ বছৰীয়া শাসনকালত বি পি এফৰ দুর্নীতি–ভ্রষ্টাচাৰৰ বিৰুদ্ধে সৰৱ হৈ আহিছে৷
ইউ পি পি এলৰ সভাপতিজনক উভতি ধৰিছে বি পি এফৰ মুৰব্বী হাগ্রামা মহিলাৰীয়েও৷ ইয়াৰ মাজতে বি পি এফ, ইউ পি পি এল, বিজেপিকে ধৰি প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হোৱা ৰাজনৈতিক দলসমূহে বি টি আৰবাসীক জীৱন–সম্পত্তিৰ নিৰাপত্তা, ভূমিৰ অধিকাৰ প্রদান, নিযুক্তিকে ধৰি বিভিন্ন ধৰণৰ প্রতিশ্রুতি প্রদান কৰিছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে এইবাৰৰ বিটিচি নির্বাচনৰ প্রচাৰ অভিযানক নতুন মাত্রা প্রদান কৰাৰ মূলতে বিত্তমন্ত্রী তথা নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা বুলি চর্চা চলিছে৷ বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ ড০ হিমন্ত বিশ্ব শর্মাই যোৱা দিনকেইটাত অংশগ্রহণ কৰা অর্ধশতাধিক জনসভা, পদযাত্রা, ৰোড শ্ব’ জনসাধাৰণৰ আকর্ষণৰ কেন্দ্রবিন্দু হৈ পৰিছিল৷
উদাত্ত ভাষণৰ সমান্তৰালভাৱে নাচ–গীতেৰে তেওঁ বিজেপি প্রার্থীৰ হৈ সর্বসাধাৰণ জনতাৰ মাজত ধাৰাবাহিক প্রচাৰ অভিযানত নামি পৰে৷ আনকি বি টি আৰবাসীৰ সুৰক্ষা আৰু উন্নয়নৰ স্বার্থত তেওঁ প্রতিখন নির্বাচনী সভাতে একালৰ ঘনিষ্ঠ বি পি এফৰ মুৰব্বী হাগ্রামা মহিলাৰীক ৰাজনৈতিকভাৱে আক্রমণ কৰিবলৈও এৰা নাই৷ এইবাৰৰ বিটিচি নির্বাচনত জনতাক আকর্ষণৰ যেন মূল অস্ত্র হৈ পৰিছে গীত৷ বিজেপিৰ সমান্তৰালভাৱে গৰিষ্ঠসংখ্যক দল–প্রার্থীয়েও নির্বাচনী গীতেৰে জনসাধাৰণক আকৃষ্ট কৰাৰ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে৷ পিছে বিটিচিৰ শাসন ক্ষমতা অনাগত পাঁচ বছৰৰ বাবে কাৰ হাতলৈ যাব, সেয়া স্পষ্ট হ’ব অহা ১২ ডিচেম্বৰৰ জনাদেশতহে৷