বিটিআৰত নির্মাণ হ’ব ১০টা মিনি চিনেমা হ’লঃ প্রমোদ বড়ো
নিয়মীয়া বাৰ্তা ২০ ফেব্ৰুৱাৰীঃ পৰিষদীয় চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত আজিৰে পৰা তিনিদিনীয়া কার্যসূচীৰে বড়োফা সাংস্কৃতিক প্রকল্পত অনুষ্ঠিত হৈছে জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ৷ কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ চান্দামাৰিস্থিত বডোফা সাংস্কৃতিক প্রকল্পত আৰম্ভ হোৱা বর্ণাঢ়্য সাংস্কৃতিক সমাৰোহে বিটিআৰ এলেকাত বসবাস কৰা প্রতিটো জাতি–জনগোষ্ঠীৰ সংস্কৃতিসমূহ উপস্থাপন কৰাৰ লগতে সাংস্কৃতিক বিনিময় কার্যসূচী আৰম্ভ হৈছে৷ মূলতঃ থলুৱা জনগোষ্ঠীয় চলচ্চিত্রৰ অতীত, বর্তমান আৰু ভৱিষ্যৎ সন্দর্ভত আলোচিত হ’ব লগা উক্ত সাংস্কৃতিক সমাৰোহত জুবিন গার্গ, পৱিত্র মার্ঘেৰিটা, পৱিত্র ৰাভা, গায়ত্রী মহন্ত, জনক ঝংকাৰ নার্জাৰীয়ে অংশগ্রহণ কৰিব৷ আজি বিটিচিৰ কার্যবাহী সদস্য দাওবৈছা বডোৱে আনুষ্ঠানিকভাৱে পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে৷
আনহাতে, বিটিচিৰ মুখ্য কার্যবাহী প্রমোদ বড়োৱে বড়োফা উপেন্দ্র নাথ ব্রহ্মৰ প্রতিমূর্তিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ গছপুলি ৰোপণৰ শুভাৰম্ভ কৰে বিটিচিৰ কার্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে৷ বৈচিত্র্যময় সাংস্কৃতিক সমাৰোহ আনুষ্ঠানিকভাৱে মুকলি কৰি প্রমোদ বড়োৱে কয় যে সকলো জাতি–জনগোষ্ঠীৰ সংস্কৃতি জীয়াই ৰাখি তাক বিশ্ব দৰবাৰত প্রতিষ্ঠা কৰাই মূল লক্ষ্য৷ প্রমোদ বডোৱে কয় যে বিধানসভা নির্বাচনৰ পিছতে বিটিআৰৰ ১০টা মহকুমাত ১০টা মিনি চিনেমা হল নির্মাণ কৰা হ’ব৷ আজিৰে পৰা আৰম্ভ হোৱা সাংস্কৃতিক সমাৰোহক কেন্দ্র কৰি কোকৰাঝাৰত উখল–মাখল পৰিৱেশৰ সৃষ্টি হৈছে আৰু সকলো জাতি–জনগোষ্ঠীৰ মিলনৰ পুণ্যভূমিত পৰিণত হৈছে বডোফা সাংস্কৃতিক প্রকল্পৰ চৌহদ৷