নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰৰ মাজমজিয়াৰ পৰা বুলেট চুৰি

নিয়মীয়া বাৰ্তা, ৩০ আগষ্টঃ শিৱসাগৰ সদৰ থানাৰ অন্তৰ্গত চহৰৰ মাজমজিয়াৰ পৰাই আজি ফুট গধূলিতেই এখন ৰয়েল এনফিল্ড বাইক চুৰি হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ পিয়লি ফুকন ষ্টেডিয়ামত থকা ব্যায়ামগাৰলৈ অহা এগৰাকী প্ৰশিক্ষাৰ্থীয়ে ষ্টেডিয়ামৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখৰ পৰাই এনেদৰে বুলেট চুৰি হোৱাক লৈয়েই সৃষ্টি হৈছে এই চাঞ্চল্যৰ ৷ প্ৰাপ্ত বাতৰি মতে নগৰৰ বাবুপট্টীৰ নিবাসী আচিক উল্লা নামৰ যুৱকজনে আজি বিয়লি ষ্টেডিয়ামৰ সন্মুখত নিজৰ এ এচ ০৩ এল, ৫৫৩৩ নম্বৰৰ ৰয়েল এনফিল্ড বুলেট খন ৰখাই থৈ ব্যায়ামগাৰলৈ যোৱাৰ পিছতেই চুৰি হয় বুলেট খন ৷পিছত বহু বিচাৰ খোচাৰ কৰিও বুলেট খনৰ কোনো সন্ধান লাভ নকৰাত লগে লগেই সদৰ আৰক্ষী থানাত আচিক উল্লাই এখন এজাহাৰ দাখিল কৰিছে যদিও বুলেট খনৰ কোনো সন্ধান ওলোৱা নাই ৷ইফালে ক্ৰমাগত ভাৱে চহৰ খনত ইটোৰ পিছত সিটো চুৰিৰ ঘটনা সংঘটিত হৈ থকাৰ ঘটনাই চহৰ বাসীক উদ্দিগ্ন কৰি তুলাৰ লগতে এই ক্ষেত্ৰত কঠোৰ পহৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান 

You might also like