বোকাজানত চীনৰ ৰাষ্ট্ৰপতি জিনপিঙৰ পুত্তলিকা দাহ
নিয়মীয়া বাৰ্তা, ২১ জুনঃ বোকাজানত অখিল ভাৰতীয় বিদ্যাথী পৰিষদৰ উত্তাল প্ৰতিবাদ ৷ চীনে ভাৰতীয় সৈন্যৰ ওপৰত চলোৱা অত্যাচাৰৰ বিৰুদ্ধে সংগঠনটোৱে চৰকাৰক ব্যৱস্থা গ্ৰহন কৰিবলৈ আহ্বান জনাই ৷
৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বোকাজানৰ শুকানজান তিনিআলিত চীনৰ ৰাস্ট্ৰপতি জি জিনপিং ৰ পুত্তলিকা দাহ কৰি সংগঠনটোৱে চীনা সামগ্ৰী বৰ্জন কৰিবলৈ সকলোকে আহ্বান জনাই ৷ সংগঠনটোৰ বোকাজান গোটে চীন মুৰ্দাবাদ, চীনা সামগ্ৰী বৰ্জন কৰক, চীনৰ দাদাগিৰি নচলিব আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে ।