ছিপাঝাৰত চীনৰ ৰাষ্ট্রপতিৰ প্রতিকৃতি দাহ
নিয়মীয়া বাৰ্তা, ১৯ জুনঃ চীনৰ উচটনিমূলক কুটিল নীতিৰ বিৰুদ্ধে তথা চীনত নির্মিত আৰু উৎপাদিত সামগ্রী বয়কটৰ দাবীত বুধবাৰে ছিপাঝাৰত এক প্রতিবাদী কার্যসূচী অনুষ্ঠিত হয়৷ ১৫নং ৰাষ্ট্রীয় ঘাইপথৰ ছিপাঝাৰৰ মাজমজিয়াত ছিপাঝাৰ মণ্ডল বিজেপিৰ উদ্যোগত অনুষ্ঠিত এই কার্যসূচীত চীনৰ ৰাষ্ট্রপতি জিনপিঙৰ প্রতিছবি দাহ কৰা হয়৷
লগতে চীনত ব্যৱহূত ম’বাইল তথা বিভিন্ন সামগ্রীও দাহ কৰা হয়৷ আনহাতে ভাৰতীয় সেনা জিন্দাবাদ, ভাৰত মাতা কী জয় ধ্বনিৰে উত্তাল হৈ পৰে পৰিৱেশ৷ ছিপাঝাৰ মণ্ডল ভাৰতীয় জনতা পার্টীৰ সভাপতি জিতু বৰুৱা, দৰং জিলা ভাৰতীয় জনতা পার্টীৰ সভাপতি অমৰেন্দ্র শর্মাকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতাই অংশ লোৱা কার্যসূচীত দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন্দ্র ডেকায়ো অংশগ্রহণ কৰে৷