নিয়মীয়া বাৰ্তা,২ ফেব্ৰুৱাৰী : আজি কাছাৰত ইউৰিয়া সাৰৰ এটা গুদামসহ সাৰভৰ্ত্তি তিনিখন ট্ৰাক জব্দ কৰা হয় ৷ উদ্ধাৰ কৰা হয় প্ৰায় ৩৫০০ বস্তা ইউৰিয়া সাৰ ৷
নিশা কাছাৰ জিলাৰ বৰখলা দামচৰাৰ পৰা জব্দ কৰা হয় এই বৃহৎ পৰিমাণৰ সাৰখিনি ৷ গোপন সূত্ৰৰ ভিত্তিত কাছাৰৰ আৰক্ষী অধীক্ষক ৰমণদীপ কৌৰে কাছাৰ ডিমা হাছাও সীমান্তৰ দামচৰাত নিশা অভিযান চলাই এটা সাৰভৰ্ত্তি গুদামসহ তিনিখন সাৰভৰ্তি ট্ৰাক জব্দ কৰে ৷ যত উদ্ধাৰ কৰা হয় প্ৰায় ৩৫০০ বস্তা ইউৰিয়া সাৰ ৷
লগতে আৰক্ষীয়ে আটক কৰে বিলাল আহমেদ, ফাৰুক আহমেদ আৰু আইনূল হক নামৰ তিনি ট্ৰাক চালকক। মিজোৰামলৈ নিয়াৰ উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সাৰখিনি লৈ আনি দামচৰাত মজুত কৰি ৰখা হৈছিল ৷ জব্দ হোৱা সাৰখিনি ভাগাবজাৰৰ জাকিৰ হুছেইনৰ বুলি জানিবলৈ দিছে ট্ৰাক চালকে৷
প্ৰেৰক গৌতম তালুকদাৰ