ছয়গাঁও আৰক্ষীৰ অভিযান, ৩ কাৰ্টন বিলাতী সুৰা জব্দ
নিয়মীয়া বাৰ্তা, ১৪ আগষ্ট : কামৰূপ জিলাৰ ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত ছয়গাঁৱৰ ঔগুৰি পথত থকা এখন চাইকেল দোকানৰ পৰা যোৱানিশা ছয়গাঁও আৰক্ষীয়ে উদ্ধাৰ কৰে তিনি কাৰ্টন বিলাতী সুৰা। ঘটনাৰ বিৱৰণী মতে, চাইকেল দোকানী কাজল ভৌমিকে দীৰ্ঘদিন ধৰি উক্ত দোকানখনত বিলাতী সুৰাৰ বেহা চলাই আহিছিল।
অৱশেষত যোৱানিশা ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত চলোৱা অভিযানত আটক কৰে কাজল ভৌমিকক। উল্লেখ্য যে কাজল ভৌমিকৰ পিতৃ মৃণাল ভৌমিক অসম আন্দোলনৰ এগৰাকী শ্বহীদ আছিল। শ্বহীদৰ পৰিয়ালৰ আজি নাথল-নাথল অৱস্থাৰ বাবেই এইদৰে সন্তানে সুৰাৰ বেহাত নামি পৰিবলগীয়া হোৱা বুলিও বহুতে মন্তব্য কৰিছে৷ এই লৈ এতিয়া ছয়গাঁও অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে। ৰজাঘৰীয়াই এই সকলক চকু দিবলৈ আহৰি পাবনে সেয়া সময়তহে হ’ব লক্ষণীয়।