নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁৱৰ বাংকাকাটাত আৱদ্ধ ক্ষেত্ৰত থকা কেবাটাও পৰিয়ালক খাদ্য সামগ্ৰী প্ৰদান বিধায়ক ৰেকিবুদ্দিনৰ

নিয়মীয়া বাৰ্তা, ২৮ মেঃকামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে আজি বিয়লি সমষ্টিটোৰ বাংকাকাটা গাঁৱৰ কণ্টেইনমেন জ’নত থকা কেবাটাও পৰিয়ালক খাদ্য সামগ্ৰী প্ৰদান কৰে ৷ কৰোনা যুঁজখনত নিজকে নিয়োজিত কৰি জয়ী হোৱাৰ বাবে অহৰহ চেষ্টা অব্যাহত ৰাখিছে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে ৷ ইতিমধ্যে বিধায়ক গৰাকীয়ে সমষ্টিটোৰ আটাইকেইখন চিকিৎসালয়লৈ গৈ সকলো দিশৰ বুজ লোৱাৰ লগতে কৰোনা প্ৰতিৰোধৰ ক্ষেত্ৰত ল’বলগীয়া সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণৰ বাবে স্থানীয় প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ লগত সন্মিলিতভাৱে আলোচনা কৰি বিশেষ পদক্ষেপ গ্ৰহণ কৰি আছে ৷

ইতিমধ্যে বিধায়ক গৰাকীৰ নেতৃত্বত ছয়গাঁৱৰ বিভিন্ন ঠাইৰ লগতে অনুষ্ঠান প্ৰতিষ্ঠানত ছেনিটাইজেচনৰ ব্যৱস্থা কৰা হৈছে । বিধায়ক গৰাকীয়ে প্ৰকাশ কৰামতে অক্ষয় পাত্ৰৰ সহযোগত ইণ্ডিয়া টিভিৰ তৰফৰ পৰা এই সাহায্যৰ টোপোলা সমূহ আৱদ্ধ ক্ষেত্ৰত থকা পৰিয়াল কেইটাক প্ৰদান কৰে ৷ আনহাতে ছয়গাঁৱৰ গোৱৰ্ধনস্থিত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কমেও চাৰিঘণ্টাৰ বাবে কডিড ৰোগীৰ জৰুৰীকালীন চিকিৎসা গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে বুলিও বিধায়ক গৰাকীয়ে জানিবলৈ দিছে ৷ ়

আনহাতে ছাটাবাৰীত থকা উদ্যোগ সমূহৰ জৰিয়তে অঞ্চলটোত কণ্টেইনমেন জ’নত থকা পৰিয়ালবোৰক সাহায্যৰ ব্যৱস্থা কৰা হ’ব বুলিও বিধায়ক গৰাকীয়ে সাংবাদিকক জানিবলৈ দিলে ৷ বিপদৰ সময়ত সদায় ৰাইজৰ লগত থকাৰ প্ৰতিশ্ৰুতি দি বিধায়ক গৰাকীৰ সমষ্টিটোৰ কণ্টেইনমেন জ’নত থকা সকলো পৰিয়ালকে সহায় কৰাৰো তেওঁ প্ৰতিশ্ৰুতি দিয়ে ৷ এই কৰোনা মহামাৰীৰ সময়ত কোনো পৰিয়ালেই ঘৰত আৱদ্ধ হৈ থাকি যাতে কোনো অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ বাবে তেওঁ সদায় নজৰ দি থাকিব বুলিও মন্তব্য কৰে ৷ আজি এই খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচীত বিধায়ক ৰেকিবুদ্দিনৰ লগত উপস্হিত থাকে ছয়গাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জয়ন্ত বৰা ।

You might also like