ধুবুৰীক বিশ্বৰ দৰবাৰত পৰিচয় কৰাই দিয়া জুইশলা কাৰখানাটোৰ চাইৰণ পুনৰ বাজিব নে এদিন?
নিয়মীয়া বাৰ্তা ১০ নৱেম্বৰঃ এসময়ত ধুবুৰী কিয় বিখ্যাত বুলিলে প্ৰথমেই উচ্চাৰিত হৈছিল এটা বিশেষ নাম – WIMCO, ধুবুৰীৰ জুইশলা কাৰখানা। এসময়ত প্ৰতিদিন নিশা ১০টা আৰু ৬টাত কাৰখানাটোৰ কৰ্মীৰ কৰ্তৱ্য সলনি হোৱাৰ সময়ত বজা “চাইৰণ”ৰ ধ্বনি শুনি ঘড়ীত কেইটা বাজিল সেয়া বুজিছিল ধুবুৰীৰ ৰাইজ৷ পিছে প্ৰায় ২৪ বছৰৰ পৰা কাৰখানাটোত নাবাজে “চাইৰণ”। ১৯৯৭ চনতেই বন্ধ হোৱা সেই জুইশলা কাৰখানাটোৰ এতিয়া এৰাবাৰী সদৃশ অৱস্থা৷ কাৰখানাটোত এতিয়া নাই অতীত গৰিমাৰ কোনো চিন–ছাব।
উল্লেখ্য যে, ১৯২৫ চনত ধুবুৰী চহৰৰ এম.কো. ৰোড অঞ্চলত ১৩২ বিঘা মাটিত স্থাপিত হৈছিল এই জুইশলা কাৰখানাটো৷ এছাম মেছ কোম্পানী (Assam Match Company) চমুকৈ এ.এম.চি. নামৰ প্ৰখ্যাত চুইডিছ কোম্পানীয়ে ধুবুৰীৰ এই জুইশলা কাৰখানটোৰ উপৰিও মুম্বাই, চেন্নাই, বেৰিলি আৰু ক’লকাতাতো স্থাপন কৰিছিল অনুৰূপ ৪টাকৈ কাৰখানা৷ চৰ্চিত এয়াও যে কোম্পানীটোৰ এই পাঁচটা কাৰখানাৰ ধুবুৰীৰ জুইশলা কাৰখানাটো আটাইতকৈ লাভদায়ক আছিল৷
১৯৭৯ চনত জাথানী গ্ৰুপ অৱ ইন্ড্ৰাষ্টিজ (Jathani Group of Industries) নামৰ আন এটা কোম্পানীয়ে এ.এম.চি.ৰ ধুবুৰী, মুম্বাই, চেন্নাই, বেৰিলি আৰু ক’লকাতাৰ জুইশলা কাৰখানা কেইটা ক্ৰয় কৰিছিল। এই জুইশলা কাৰখানা কেইটাক WIMCO নামেৰে নতুন নামাকৰণ কৰিছিল জাথানী কৰ্তৃপক্ষই। একাংশৰ দাৱীনুসৰি এসময়ত ধুবুৰীৰ জুইশলা কাৰখানাটোৰে মুনাফাৰে কোম্পানীটোৰ মুম্বাই, চেন্নাই, বেৰিলি আৰু ক’লকাতাৰ জুইশলা কাৰখানা কেইটাৰ ঘাটি মাৰা হৈছিল৷
১৯৮৮ চনত জাথানী কৰ্তৃপক্ষই অত্যাধুনিক যন্ত্ৰাংশ ব্যৱহাৰ কৰিলে অধিক কৰ্মীৰ প্ৰয়োজন নাই এই যুক্তিৰে ধুবুৰীৰ জুইশলা কাৰখানাটোৰ বহু কৰ্মী ছাটাই কৰিছিল। কিন্তু বাস্তৱত কোম্পানীটোৱে কোৱা ধৰণে কাৰখানাটোৰ যন্ত্ৰাংশৰ আধুনিকীকৰণৰ বাবে কোনো ধৰণৰ পদক্ষেপ লোৱা নাছিল। স্থানীয় একাংশৰ মতে তেতিয়াৰ পৰাই লাহে লাহে ধুবুৰীৰ জুইশলা কাৰখানাটোৰ মৃত্যুমুখী যাত্ৰা আৰম্ভ হৈছিল।
ইফালে ১৯৯৩ চনত দেশৰ সৰ্বোচ্চ ন্যয়ালয়ে গছ কটাৰ ওপৰত কেতবোৰ নিষেধাজ্ঞা জাৰী কৰিছিল৷ ফলত স্বাভাৱিক ভাৱেই তাৰ প্ৰভাৱ পৰিছিল দেশৰ বিভিন্ন জুইশলা কাৰখানাৰ লগতে ধুবুৰীৰ কাৰখানাটোৰ ওপৰতো৷ ফলত জুইশলা নিৰ্মাণৰ বাবে প্ৰয়োজনীয় কাঠৰ চাহিদাৰ অভাৱৰ বাবেই ১৯৯৭ চনত জুইশলা কাৰখানাটো বন্ধ হৈ পৰিছিল৷ উল্লেখনীয় যে, বন্ধ হোৱাৰ পিছত সেই সময়ত ধুবুৰীত কৰ্মৰত একাংশ প্ৰশাসনিক বিষয়াক মেনোজ কৰি কিছু মূল্যৱান যন্ত্ৰাংশ জুইশলা কাৰখানাটোৰ পৰা বহিঃৰাজলৈ লৈ যোৱাৰো এক অভিযোগো শুনিবলৈ পোৱা যায় স্থানীয় একাংশৰ মুখত।
নিৰ্বাচন আহিলেই এতিয়াও বিভিন্ন ৰাজনৈতিক দলৰ মুখত ধুবুৰীৰ জুইশলা কাৰখানাটোৰ নাম উচ্চাৰিত হয় যদিও নিৰ্বাচনৰ পিছত জুইশলা কাৰখানাটোক পুনৰ জীৱিত কৰাৰ বিভিন্ন প্ৰতিশ্ৰুতিবোৰ পাহৰাটো বৰ্তমানে এক গতানুগতিক নিয়মত পৰিণত হৈছে। ধুবুৰীৰ এক দীঘলীয়া এক ইতিহাসৰ সাক্ষী এই জুইশলাটো বন্ধ হৈ যোৱাৰ পিছত আজিলৈ কোনো এগৰাকী স্থানীয় নিৰ্বাচিত জনপ্ৰতিনিধিয়ে ইয়াক পুনৰ্জীৱিত কৰাৰ বাবে বিশেষ কোনো প্ৰচেষ্টা নকৰাৰো এক অভিযোগ আছে।
ধুবুৰীৰ সৰ্বসাধাৰণ ৰাইজে কিন্তু এতিয়াও অন্তঃকৰণে কামনা কৰে এই জুইশলা কাৰখানাটো পুনৰ স্বগৰিমাৰে উজলি উঠাৰ। আশা বহুতোৰে যে এই জুইশলা কাৰখানাটোৱে এদিনপূৰ্বৰ দৰে ধুবুৰীকে ধৰি পশ্চিম অসমৰ আৰ্থ–সামাজিক ক্ষেত্ৰখনত এক গুৰুত্বপূৰ্ণ ভূমিকা ল’ব বুলিও। কেৱল ধুবুৰীৰেই নহয়, পশ্চিম অসমৰ ৰাইজৰ আশা কিন্তু এয়াও যে ধুবুৰীৰ এই জুইশলা কাৰখানাটো পুনৰ্জীৱিত কৰাৰ বাবে পদক্ষেপ ল’ব ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে।