নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁও আৰক্ষীৰ জালত, গাড়ী চোৰ কাদেৰ হুছেইন

নিয়মীয়া বাৰ্তা, ২‍১ অক্টোবৰঃ ছয়গাঁও আৰক্ষীয়ে গাড়ী চোৰ চক্ৰৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে । বিশেষকৈ গাড়ী চুৰি চক্ৰ আৰু ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত কেবাজনো লোকক ইতিমধ্যে ছয়গাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে । উল্লেখ্য যে গাড়ী চুৰি চক্ৰ আৰু ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত লোকৰ বাবে ছয়গাঁও আৰক্ষী হৈছে মুৰৰ কামোৰণী । ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ এক গোপন খবৰৰ ভিত্তিত আৰক্ষী বিষয়া গৰাকীৰ নেতৃত্বত এটি আৰক্ষীৰ দলে আজি বিয়লি চণ্ডিকাত গাড়ী চোৰৰ বিৰুদ্ধে অভিযান চলাই । অভিযানৰ সময়ত দুধৰ্ষ গাড়ী চোৰ কাদেৰ হুছেইনক এ এছ ০১ এ এস্ক ৩৯৮১নম্বৰৰ চেন্ট্ৰো গাড়ীসহ চণ্ডিকা গেটত আটক কৰিবলৈ সক্ষম হয় । আটক কৰাৰ লগে লগে পিছে পিছে বাইকত আহি থকা বাইক চোৰ কেইজন পলায়ন কৰে । ধৃত গাড়ী চোৰ জনৰ ঘৰ হল হালিগাঁৱৰ বাঢ়ন্তী বেজিবাকাৰত । জব্দকৃত গাড়ীখন দুধৰ্ষ ডকাইত তামুল পুৰৰ ৰমেশ দৈমাৰীৰ পত্নীৰ নামত থকা বুলি জানিব পৰা গৈছে । বকো অঞ্চলৰ ফালে বাইক বিক্ৰী কৰিবলৈ গৈ থকা অৱস্থাত চণ্ডিকা গেটত চোৰ জনক আটক কৰে যদিও বাইকত অহা লোক জন পলায়ন কৰে । উল্লেখ্য যে দক্ষিণ কামৰূপত গাড়ী চোৰ জনৰ বাইক চোৰৰ পৰিকল্পনা আছিল । আৰক্ষীয়ে আটক কৰা গাড়ী চোৰ কাদেৰ হুছেইন দুধৰ্ষ গাড়ী চোৰ বগাৰ ভাগিন বুলি জানিব পৰা গৈছে । সম্প্ৰতি গাড়ী চোৰ চক্ৰ আৰু ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত লোকৰ নিদ্ৰাহৰণ কৰিছে ছয়গাঁও আৰক্ষীয়ে ।

You might also like