পবিতৰাত পুনৰ উদ্ধাৰ গঁড়ৰ মৃতদেহ
নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ পবিতৰা অভয়াৰণ্যত চলিত সপ্তাহতে দুটাকৈ পোৱালি গঁড়ৰ মৃত্যু ঘটাৰ পাছত পুনৰ টুপলুং বন শিবিৰ এলেকাত এটা প্রাপ্তবয়স্ক মাইকী গঁড়ৰ মৃতদেহ উদ্ধাৰ হয়৷ এটা সপ্তাহতে কি কাৰণত তিনিটাকৈ গঁড়ৰ মৃত্যু হ’ল সেই সন্দর্ভত প্রকৃতিপ্রেমীসমূহ উদ্বিগ্ন হোৱাৰ বিপৰীতে পবিতৰা অভয়াৰণ্য কর্তৃপক্ষই বিষয়টো সন্দর্ভত সম্পূর্ণ উদাসীনতা অৱলম্বন কৰা দৃষ্টিগোচৰ হৈছে৷
উল্লেখ্য যে মৃত গঁড়ৰ মৰণোত্তৰ পৰীক্ষা সম্পূর্ণ কৰা হয় যদিও ইয়াৰ প্রতিবেদন সন্দর্ভত সংবাদ মাধ্যমে জানিবলৈ চেষ্টা কৰিলেও গা এৰা দিয়া মনোভাব প্রদর্শন কৰে পবিতৰা অভয়াৰণ্য কর্তৃপক্ষই৷ এইক্ষেত্রত ডিএফঅ’ তথা পবিতৰা অভয়াৰণ্য কর্তৃপক্ষই যিধৰণে ব্যৱস্থা ল’ব লাগিছিল সেয়া পৰিলক্ষিত হোৱা নাই৷ যাৰ ফলত ক্ষুব্ধ হৈছে পবিতৰা তথা মায়ঙৰ সচেতন ৰাইজ৷ বন বিভাগে কি কাৰণত এনেদৰে গঁড়ৰ মৃত্যু হৈছে তাৰ যদি উপযুক্ত কাৰণ পোহৰলৈ নাহে তেনেহ’লে আগন্তুক দিনত পুনৰ এনে দুর্ঘটনা সংঘটিত হোৱাৰ আশংকা ব্যক্ত কৰিছে স্থানীয় ৰাইজে৷