নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰ্বি জনগোষ্ঠীৰ নৱবৰ্ষ পালনঃ উলহ মালহেৰে আদৰণি জনালে ‘চেংকান কিমি’

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ বিশ্বৰ সকলো জাতি-জনগোষ্ঠীৰে সুকীয়া লোক কৃষ্টি, সংস্কৃতি-পৰম্পৰা থাকে। কৃষ্টি, সংস্কৃতি-পৰম্পৰাই প্ৰতিটো জাতি-জনগোষ্ঠীক উজলাই তোলে৷ আন আন জাতি-জনগোষ্ঠীৰ দৰেই কাৰ্বিসকলো ভিন্ন কৃষ্টি, সংস্কৃতি-পৰম্পৰাৰে চহকী এটা জনগোষ্ঠী৷ কাৰ্বিসকলৰ ভিন্ন কৃষ্টি, সংস্কৃতি-পৰম্পৰাৰ লগতে সাতবাৰ আৰু বাৰমাহৰ নিৰ্দিষ্ট নাম আছে৷

বছৰৰ প্ৰতিটো মাহৰ সৈতে প্ৰকৃতিৰ ৰূপ আৰু ঋতুৰ পৰিক্রমা তেওঁলোকে মানি চলে স্বকীয়ভাবে৷ সাতবাৰ আৰু বাৰমাহৰ স্বকীয় তাৎপৰ্য আৰু বৈশিষ্টৰ বাবেই তাৎপৰ্য ধৰি ৰখাৰ চেষ্টা চলাই ভাৰতৰ অন্যান্য জাতি-জনগোষ্ঠীসমূহৰ দৰেই কাৰ্বি জনগোষ্ঠীয়ে নতুন বছৰ পালন কৰে৷ কৃষি ভিত্তিক উৎসৱ-পাৰ্বনসমূহ সাধাৰণতে আন আন জনগোষ্ঠীসকলৰ দৰেই সেউজ কাৰ্বিভূমিতো পালন কৰা হয়৷ কৃষি ভিত্তিক উৎসৱৰ লগতে কাৰ্বি জনগোষ্ঠীৰ আছে এখন নিজস্ব বৰ্ষপঞ্জী অৰ্থাৎ কেলেণ্ডাৰ। সেই অনুসৰি থাংথাং মাহ হৈছে ফেব্ৰুৱাৰী মাহ৷ থাংথাং মাহ তথা ফেব্ৰুৱাৰী মাহ কাৰ্বিসকলৰ বৰ্ষ পঞ্জীৰ পহিলা মাহ।

১ ফেব্ৰুৱাৰীত সেয়েহে কাৰ্বিসকলে পালন কৰে কাৰ্বি নৱবৰ্ষ। কৃষিজীৱি কাৰ্বিসকলে ঝুম খেতি চপাই হেম্ফু অৰ্থাৎ ভগৱানক আৰ্নাম মানে পূজা-অৰ্চ্ছনা কৰে৷ সকলোৰে মংগল কামনা কৰে আৰু লগে ভাগে এসাজ খায়। জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে বোকাজান মহকুমাৰ বৰমানথি খেলপথাৰত কেইবাখনো গাঁৱৰ ৰাইজ একত্ৰিত হৈ দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰে চেংকান কিমি অৰ্থাৎ নৱবৰ্ষ৷ পুৱাৰ ভাগত কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ লংকি তিমুং আৰু কাৰ্বি আংলং জিলাৰ বিদ্যালয়ৰ পৰিদৰ্শক তথা উদ্যোক্তা সমিতিৰ বিষয়ববীয়া খৰছিং তেৰাঙে শান্তিৰ প্ৰতীক এযোৰ পাৰ চৰাই উৰুৱাই নৱবৰ্ষ উদযাপনৰ কাৰ্যসূচী আৰম্ভ কৰাৰ লগতে বছৰটোত সকলোৰে মংগল কামনা কৰে। উদযাপনস্থলীত পৰম্পৰাগত বিভিন্ন খেল ধেমালি, নৃত্য-গীত আদিৰ লগতে সমূহীয়াভাবে সকলোৱে মিলি দুপৰীয়াৰ এসাঁজ আহাৰ গ্ৰহণ কৰে।

আনহাতে উদযাপন সমিতিৰ সভাপতি সুন্দৰ ইংতিয়ে কাৰ্বি নৱবৰ্ষই জিলাখনৰ লগতে সকলোৰে বাবে সুখ, সমৃদ্ধি তথা শান্তি কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে।আনহাতে বিয়লি এই স্থানতে হোৱা এক মুকলি সভাত অংশগ্ৰহণ কৰে বোকাজানৰ বিধায়ক ডাঃ নোমল মমিন তথা বোকাজান পৌৰসভাৰ পৌৰপতি বিনোদ চাহুয়ে।বিধায়ক মমিনে নিজৰ ভাষণত কাৰ্বি নতুন বছৰটোৱে সেউজ কাৰ্বি ভূমিত থকা সকলো জাতি জনগোষ্ঠীলৈ সুখ,সমৃদ্ধি,শান্তি আৰু মিলা প্ৰীতি কঢ়িয়াই অনাৰ আশা প্ৰকাশ কৰাৰ লগতে আগন্তুক সময়ত অঞ্চলটোৰ উন্নতিৰ বাবে সকলো প্ৰকাৰৰ চেষ্টা অব্যাহত ৰাখিব বুলি মত প্ৰকাশ কৰে।

You might also like