দুলীয়াজানত বীৰ শ্বহীদ মেজৰ দুৰ্গা মল্লৰ ৭৬ সংখ্যক বলিদান দিৱস পালন
নিয়মীয়া বাৰ্তা, ২৫ আগষ্ট : গোৰ্খা নাৰী পৰিষদ দুলীয়াজান আঞ্চলিকৰ উদ্যোগত আজি স্বাধীনতা সেনানী বীৰ শ্বহীদ মেজৰ দুৰ্গা মল্লৰ ৭৬ সংখ্যক বলিদান দিৱস পালন কৰা হয় । সম্প্ৰতি মহামাৰী সন্ত্ৰাসৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ বিধি অনুসৰি সামাজিক দূৰত্ব বৰ্তাই দুলীয়াজানস্থিত ভানু আদৰ্শ বিদ্যালয়ৰ প্ৰাংগণত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো বীৰ শ্বহীদ গৰাকীৰ স্মৃতিত এই দিৱসটি উদযাপন কৰা হয় ।
কাৰ্য্যসূচী অনুসৰি শ্বহীদ মেজৰ দুৰ্গা মল্লৰ প্ৰতিচ্ছবিত দুলীয়াজান আঞ্চলিক গোৰ্খা নাৰী পৰিষদৰ সভানেত্ৰী সবিতা উপাধ্যায়ে বন্তি প্ৰজ্বলন আৰু সম্পাদিকা কাঞ্চন চামালে মাল্যাৰ্পণেৰে শুভাৰম্ভ কৰে অনুষ্ঠানটি । এই উপলক্ষে অনুষ্ঠিত সভাত উপস্থিত থাকে আগছু ডিব্ৰুগড় জিলা সমিতিৰ উপদেষ্টা অজয় কুমাৰ আলে, দুলীয়াজান আঞ্চলিক সমিতিৰ সভাপতি ৰত্ন থাপা, উপদেষ্টা ব্ৰহ্মা ৰাণা, উপ-সভাপতি ৰমেছ চেত্ৰী, শিক্ষা সম্পাদক বিকাশ আলে, প্ৰচাৰ সম্পাদক সুমিত থাপা, গোৰ্খা নাৰী পৰিষদৰ উপদেষ্টা সৰস্বতী উপাধ্যায়, উপ- সভানেত্ৰী মীনা ছেত্ৰী, আগছু দুলীয়াজান নগৰ শাখা সমিতিৰ সভাপতি ভূৱন আলেসহ বহুকেইগৰাকী গণ্য মান্য ব্যক্তি।
অনুষ্ঠানত উপস্থিত থাকি দুলীয়াজান আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি ৰত্ন থাপাই কয় যে– মাতৃভূমি ৰক্ষাৰ ক্ষেত্ৰত গোৰ্খা জনগোষ্ঠীয় লোকে সৰ্ব্বোচ্চ উজাৰি অহাৰ ইতিহাস আছে । এইক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে “গোৰ্খা লৌগৌ কা স্বপ্না মেৰা স্বপ্না” বুলি ভাষণৰ ফুলজাৰি মৰাৰ বাহিৰে জনগোষ্ঠীটোৰ অধিকাৰ তথা উত্তোৰণৰ ক্ষেত্ৰত উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই বুলি ক্ষোভ উজাৰে আগছুৰ নেতাগৰাকীয়ে । দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ ক্ষেত্ৰত সদাই তৎপৰ এই জনগোষ্ঠীটোৱে বিভিন্ন সময়ত পৰিচয় সংক্ৰান্তীয় সমস্যাতো ভুগি আহিছে। আজিও গোৰ্খাসকল আত্মসন্মানেৰে জীয়াই থকাৰ অধিকাৰ পৰা বঞ্চিত । সহজ সৰল আৰু বিশ্বাসী গোৰ্খা জনগোষ্ঠীৰ লোকসকলৰ বাৰে বাৰে ধৈৰ্যৰ পৰীক্ষা ন’লবলৈ সকীয়াই দিয়ে আগছু নেতা ৰত্ন থাপাই ।
উল্লেখ্য যে মেজৰ দুৰ্গা মল্ল আজাদ হিন্দ ফৌজৰ প্ৰথমগৰাকী শ্বহীদ যিয়ে ভাৰতবৰ্ষৰ স্বাধীনতাৰ হকে যুঁজ দি আত্মবলিদান দিছিল । পৰাধীনতাৰ শৃংখল ছিঙাৰ সংকল্প বুকুত বান্ধি ভাৰত ভূমিক বৃটিছৰ কবলৰ পৰা মুক্ত কৰাৰ হেঁপাহৰে স্বাধীন ভাৰত নিৰ্মাণৰ উদ্দেশ্যে নেতাজী সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত ১৯৪২ চনত ছিংগাপুৰত গঠন হোৱা “আজাদ হিন্দ ফৌজ”ত যোগদান কৰি গুপ্তচৰ বিভাগৰ মেজৰ পদবীৰ দায়িত্ব পালন কৰিছিল এইগৰাকী শ্বহীদে । ১৯৪৪ চনৰ ২৭ মাৰ্চ তাৰিখে মণিপুৰৰ উখৰুল জিলাত বৃটিছ সেনাৰ হাতত ধৰা পৰে আৰু ১৯৪৪ চনৰ ২৫ আগষ্ট তাৰিখে দিল্লীৰ কেন্দ্ৰীয় কাৰাগাৰত ফাঁচি দিয়ে মেজৰ দুৰ্গা মল্লক ।