নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰাইপুঙত চোৰাং তেল ব্যৱসায়ীলৈ আৰক্ষীৰ গুলী

নিয়মীয়া বাৰ্তা ৩ নৱেম্বৰঃ ভাদৈ আৰক্ষী চকীৰ এলেকা তথা চৰাইপুং বনাঞ্চলিক কার্যালয়ৰ অন্তর্গত চৰাইপুং ৰাষ্ট্রীয় উদ্যানৰ ভিতৰচ’ৰাত আৰক্ষীয়ে মঙলবাৰে পুৱতিনিশা অভিযান চলাই বৃহৎ পৰিমাণৰ অইলৰ চোৰাং কণ্ডেনছেট তেল জব্দ কৰিবলৈ সক্ষম হৈছে৷ আনহাতে ঘটনাস্থলীৰ পৰা চোৰাং চক্রটোৱে ব্যৱহাৰ কৰা চাৰিখনকৈ মটৰচাইকেলো জব্দ কৰিছে আৰক্ষীয়ে৷ এক গোপন সূত্রৰ ভিত্তিত নামৰূপৰ উপ–আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰাৰ নেতৃত্বত পুৱতিনিশা প্রায় ৩.৩০ বজাত অতর্কিতে চলোৱা এই অভিযানৰ সময়ত পলাবলৈ চেষ্টা কৰা তেলচোৰ চক্রলৈ লক্ষ্য কৰি তিনি জাঁই গুলীবর্ষণ কৰে আৰক্ষীয়ে৷

অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই আৰু আৰক্ষীৰ জাল ফালি চোৰাং চক্রটোৱে ডাঠ বনাঞ্চলৰ ভিতৰত নিমিষতে সোমাই পৰে৷ আৰক্ষীয়ে ঘটনা সংক্রান্তত ডিগবৈ থানাত গোচৰ ৰুজু কৰাৰ লগতে দুষৃকতিকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে৷ লক্ষণীয় যে উজনি অসমৰ তৈলক্ষেত্রসমূহৰ নিকটৱর্তী অঞ্চলসমূহত চোৰাং তেলৰ বেহা সাধাৰণ ঘটনাত পৰিণত হৈছে৷ তিনিচুকীয়া জিলাৰ বিশেষকৈ ডিগবৈ, মার্ঘেৰিটাৰ লগতে ডিব্রুগড জিলাৰ ভিন্ন প্রান্তত চোৰাং তেলৰ এখন বৃহৎ বজাৰ চলাই আহিছে এটা শক্তিশালী চক্রই৷ এটা চক্রটোৱে তেলৰ চোৰাং বেহাৰ জৰিয়তে বিভিন্ন দুষ্কার্যও সময়ে সময়ে সংঘটিত কৰি আহিছে৷ আৰক্ষীয়ে চৰাইপুঙৰ লগতে যোৰাজানতো চোৰাং তেলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে৷ এই অভিযানত আৰক্ষীয়ে গেলনভর্তি প্রায় ৮০ লিটাৰ কণ্ডেনছেট তেল জব্দ কৰিবলৈ সক্ষম হয়৷

You might also like