দক্ষিণ কামৰূপ জিলাৰ কাম-কাজ বাহাল ৰখাৰ দাবী জাতীয় সেনাৰ
নিয়মীয়া বাৰ্তা, ১২ আগষ্টঃ স্থানীয় ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনায় দক্ষিণ কামৰূপবাসীৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে ২৫ জানুৱাৰী, ২০১৬ তাৰিখত অসম চৰকাৰৰ No. GAG(B) 27/2005/235 যোগে দক্ষিণ কামৰূপ জিলা গঠন কৰাৰ নিৰ্দেশ ৰাজহুৱা প্ৰকাশ কৰিছিল । সেই অনুসৰি অসম চৰকাৰে ২৯ ফেব্ৰুবাৰি ২০১৬ তাৰিখত ছয়গাঁৱক সদৰ হিচাপে লৈ দক্ষিণ কামৰূপ জিলা উদ্বোধন কৰিছিল । উক্ত দিনাৰ পৰা কাৰ্যকৰী হোৱাকৈ জিলা পৰ্যায়ৰ প্ৰশাসনীয় বিষয়া উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক নিযুক্তি দি দক্ষিণ কামৰূপ জিলাৰ কামকাজ আৰম্ভ কৰিছিল । পৰৱৰ্ত্তী সময়ত উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত বিষয়া-কৰ্মচাৰী নিযুক্তি দি দক্ষিণ কামৰূপ জিলাৰ প্ৰশাসনীয় কামকাজ ক্ষীপ্ৰ কৰি তুলিছিল ।
ইতিমধ্যে জিলা পৰ্যায়ৰ কেবাখনো চৰকাৰী সমিতি গঠন কৰাৰ লগতে কেবাটাও বিভাগৰ কামকাজ আৰম্ভ কৰিছিল । তাৰোপৰি দেশৰ ৭০ সংখ্যাক স্বাধীনতা দিৱস দক্ষিণ কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত ৰাইজৰ সহযোগত জাকজমকাতৰে পালন কৰি জিলাখনৰ এক নতুন মৰ্যদা প্ৰদান কৰিছিল । কিন্তু হঠাৎ অভাৱনীয় ভাবে ৭ অক্টোবৰ ২০১৬ তাৰিখে অসম চৰকাৰৰ কেবিনেট বৈঠকত দক্ষিণ কামৰূপ জিলা স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে । অসম চৰকাৰৰ এনে সিদ্ধান্তক জাতীয় সেনাই আশ্চৰ্য্য প্ৰকাশ কৰিছে আৰু চৰকাৰৰ জনবিৰোধী কাৰ্যত মৰ্মান্তিক আঘাl পোৱাৰ লগতে চূড়ান্ত অপমানিত বোধ কৰা বুলি আজি জাতীয় সেনাৰ কেন্দ্ৰীয় সভাপতি নয়ন মনি শালৈয়ে প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰে । চৰকাৰৰ এই অপ্ৰয়োজনীয় সিদ্ধান্তই সমগ্ৰ দক্ষিণ কামৰূপতে এক অবাঞ্চিত পৰিস্হিতিৰ সৃষ্টি কৰিছে । সেয়ে এই ক্ষেত্ৰত স্থগিতাদেশ সিদ্ধান্ত বাতিল কৰি দক্ষিণ কামৰূপ জিলাবাসী ৰাইজৰ আবেগ অনুভূতিৰ প্ৰতি সহাৰি জনাই দক্ষিণ কামৰূপ জিলাৰ কামকাজ বাহাল ৰখাৰ বাবে জাতীয় সেনাই আহ্বান জনাই ।
আনহাতে অসম চৰকাৰে দক্ষিণ কামৰূপ জিলা স্থগিত ৰাখি বজালিকে আদি কৰি নতুন নতুন জিলা গঠন কৰি দক্ষিণ কামৰূপ বাসীক প্ৰাপ্য অধিকাৰ বঞ্চিত কৰি ৰখাৰ কাৰ্যক তীব্ৰ গৰিহনা দিছে জাতীয় সেনাই । সেয়ে দক্ষিণ কামৰূপ জিলা বাহাল ৰখাৰ বাবে পুনৰ দাবী জনাই জাতীয় সেনাই । অন্যথা জাতীয় সেনাৰ নেতৃত্বত সমগ্ৰ দক্ষিণ কামৰূপবাসীয়ে তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হব । উল্লেখ্য যে দক্ষিণ কামৰূপ জিলা স্থগিতকৰণৰ প্ৰতিবাদত অহা ১৫ আগষ্টত স্বাধীনতা দিৱসৰ দিনা সমগ্ৰ দক্ষিণ কামৰূপবাসীক “ক’লা বেজ” পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে জাতীয় সেনাৰ তৰফৰ পৰা অনুৰোধ জনাইছে ।