নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত অমানৱীয় কাণ্ড; পুখুৰীত বিহ ঢালি দুৰ্বৃত্তই নিধন কৰিলে মাছ

নিয়মীয়া বাৰ্তা,  ২০ জানুৱাৰী– ঢকুৱাখনাৰ ডিমৰুগুৰি পঞ্চায়তৰ ঔগুৰি দাংধৰা গাওঁত সংঘটিত হৈছে এক অমানৱীয় কাণ্ড।স্বনিৰ্ভৰশীল হোৱাৰ উদ্দেশ্য আগত ৰাখি মৎস্য পালনৰ পথ বাচি লোৱা গাঁওখনৰ এগৰাকী যুৱকৰ পুখুৰীত দুৰ্বৃত্তই বিহ ঢালি মাছ নিধন কৰা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।জানিব পৰামতে গাঁওখনৰ শিক্ষিত যুৱক ৰাজীৱ দলেৱে চৰকাৰী চাকৰিৰ আশা বাদ দি নিজৰ ১বিঘা মাটিত পুখুৰী খান্দি মৎস পালনেৰে বাচি লৈছিল স্বাৱলম্বিতাৰ পথ ৷কিন্তু, দুর্ভাগ্যজনকভাৱে বৃহস্পতি নিশা কোনো অচিনাক্ত দুর্বৃত্তই পুখুৰীটোত বিহ ঢালি দিয়ে৷ যাৰ ফলত আজি পুৱাৰ ভাগত ভাহি উঠে হাজাৰ হাজাৰ বিভিন্ন প্রজাতিৰ মাছ।একমাত্ৰ মাছ পালন কৰিয়েই জীৱিকা নিৰ্বাহ কৰা ৰাজীৱৰ পুখুৰীত দুস্কৃতিকাৰীয়ে বিহ ঢলাৰ ফলত ৰৌ, ভকুৱা, গ্ৰাছকাপ, মিৰিকা আদিকে ধৰি বিভিন্ন প্ৰজাতিৰ মাছ নিশাটোৰ ভিতৰতে মৃত্যু হয় ৷পুখুৰীটোৰ সকলোবোৰ মাছ মৃত অৱস্থাত ওপঙি থকা দেখি হতভম্ব হৈ পৰাৰ লগতে কান্দোনত ভাগি পৰে মৎসপালক ৰাজীৱ দলে ৷ সম্প্ৰতি ভুক্তভোগী যুৱকজনে স্থানীয় আৰক্ষীক এজাহৰ দাখিল কৰিছে যদিও এতিয়ালৈকে চিনাক্ত হোৱা নাই এজনো দুস্কৃতিকাৰী।পুখুৰীত বিহ দিয়াৰ ফলত যুৱকজনৰ ৩ লক্ষাধিক টকা লোকচানৰ সন্মুখীন হোৱা বুলি জানিবলবৈ দিছে৷অঞ্চলটোৰ সচেতন মহলে দোষীক চিনাক্ত কৰি শীঘ্রে কৰায়ত্ত কৰিবলৈ দাবী জনাইছে ৷

প্ৰেৰক- পুলকজ্যোতি বৰা

You might also like