দুধনৈ আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱনৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰী সোণোৱালৰ
নিয়মীয়া বাৰ্তা, ১৯ আগষ্টঃ ‘মৈত্ৰী আঁচনি’ৰ অধীনত আন এক সংযোজনেৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গোৱালপাৰা জিলাৰ দুধনৈ আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱনৰ শুভ উদ্বোধন কৰে। ভৱনটোত অত্যাধুনিক সা-সুবিধা আৰু জনগণৰ বাবে উন্নত সেৱা উপলব্ধ হ’ব।
একেটা অনুষ্ঠানতে প্ৰগতিশীল কৃষক চেনাইশ্ৰী বসুমতাৰী আৰু ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত শিপিনী বীণাপাণি কোচক মুখ্যমন্ত্ৰীয়ে সম্বৰ্ধনা জনায়।
