কৃষকলৈ সকাহঃ এফচিআইক নূন্যতম ১০ লাখ মেট্রিকটন ধান ক্রয়ৰ আহ্বান মুখ্যমন্ত্রীৰ
নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ সমাগত বিপণনৰ সময়ছোৱাত ৰাজ্যৰ কৃষকসকলৰ পৰা ধান ক্রয়ৰ প্রক্রিয়াটো খৰতকীয়া কৰি তোলাৰ লগতে অসমত নূন্যতম ১০ লাখ মেট্রিকটন ধান ক্রয়ৰ নির্ধাৰিত লক্ষ্যত উপনীত হ’বলৈ ভাৰতীয় খাদ্য নিগম (এফ চি আই)ক আহ্বান জনাইছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷
মুখ্যমন্ত্রী ড০ শর্মাই শনিবাৰে জনতা ভৱনস্থিত নিজ কার্যালয়ৰ সভাকক্ষত ৰাজ্য চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু গ্রাহক পৰিক্রমা বিভাগ তথা ভাৰতীয় খাদ্য নিগমৰ শীর্ষ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হৈ ৰাজ্যৰ খেতিয়কসকলৰ পৰা ধান ক্রয় সন্দর্ভত বিস্তৃতভাৱে আলোচনা কৰে৷ কেন্দ্রীয় চৰকাৰে ধার্য কৰা নূন্যতম সমর্থন মূল্যৰ ভিত্তিত খেতিয়কসকলৰ পৰা খাদ্যশস্য ক্রয়ৰ ক্ষেত্রত ভাৰতীয় খাদ্য নিগমৰ ভূমিকাৰ কথা উল্লেখ কৰি তেওঁ ধান উৎপাদন কৰা ৰাজ্যৰ প্রতিটো অঞ্চলৰ কৃষকেই যাতে নূন্যতম সমর্থন মূল্যত ধান বিক্রী কৰাৰ সুযোগ লাভ কৰে, তাৰ প্রতি লক্ষ্য ৰাখি ৰাজ্যৰ প্রতিখন জিলাতে পর্যাপ্তসংখ্যক অনুমোদিত ধান ক্রয় কেন্দ্র স্থাপন কৰিবলৈ কেন্দ্রীয় সংস্থাটোৰ প্রতি আহ্বান জনায়৷
মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ধান ক্রয়ৰ সুবিধাৰ বাবে ৰাজ্য চৰকাৰে ভাৰতীয় খাদ্য নিগমলৈ সকলো ধৰণৰ আন্তঃগাঁথনিগত সা–সুবিধা আগবঢ়াব৷ ক্রয় কৰা ধান মজুতকৰণৰ বাবে ৰাজ্যৰ সকলো জিলাতে পর্যাপ্তসংখ্যক ভঁৰাল গঢ়ি তোলাৰ লগতে ভাৰতীয় খাদ্য নিগমে এনে ভঁৰাল নির্মাণ কৰিব বিচাৰিলে ৰাজ্য চৰকাৰে তাৰ বাবে প্রয়োজনীয় ভূমিও আবণ্টন দিব বুলি তেওঁ জানিবলৈ দিয়ে৷ কৃষকসকলৰ পৰা ধান ক্রয়ৰ ক্ষেত্রত কেন্দ্রীয় সংস্থাটোক সকলো ধৰণৰ সহযোগিতা আগবঢ়াবলৈ মুখ্যমন্ত্রীয়ে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়ববীয়াসকলক নির্দেশ দিয়ে৷ এই বৈঠকত প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষ ৰাজেন গোহাঁই, খাদ্য, অসামৰিক যোগান আৰু গ্রাহক পৰিক্রমা বিভাগৰ প্রধান সচিব বিশ্বৰঞ্জন চামাল, ভাৰতীয় খাদ্য নিগমৰ মুখ্য কার্যালয়ৰ কার্যবাহী সঞ্চালক সুদীপ সিঙৰ লগতে অন্যান্য শীর্ষ বিষয়াসকল উপস্থিত আছিল৷