নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফকিৰাগ্ৰামত বিন্যাছাৰা গাঁৱত শিশুৰ সলিল সমাধি, শোকৰ ছাঁ

নিয়মীয়া বাৰ্তা, ৩ জুলাই : কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ অধীনৰ বিন্যাছাৰা গাঁৱৰ বাসিন্দা ছামিয়েল সেখৰ পুত্ৰ ছফিয়ৰ আলী নামৰ শিশুটোৰ পানীত পৰি মৃত্যু হোৱাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে । প্ৰাপ্ত বাতৰি অনুসৰি, বিগত কেইদিনমানৰ পৰা নেৰানেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱাত ঘৰৰ চোতাললৈকে পানী হয় । আন দিনৰ দৰে খেলি থাকোঁতে শিশুটি কোনেও নেদেখাকৈ পানীত পৰি যোৱাত মৃত্যুক সাবটিবলগীয়া হয় বুলি স্থানীয় লোকে প্ৰকাশ কৰে ।

প্ৰেৰক কৃষ্ণ বৰ্মন

 

You might also like