নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত শিশু অধিকাৰৰ ওপৰত আঞ্চলিক পৰ্যায়ৰ প্ৰশিক্ষণ

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি গোৱালপাৰা, কোকৰাঝাৰ, ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষক–শিক্ষয়িত্ৰীকে ধৰি শিশু কল্যাণ আৰক্ষীৰ বাবে আজি ধুবুৰীস্থিত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োগৰ উদ্যোগত শিশু অধিকাৰ বিষয় সন্দৰ্ভে আঞ্চলিক পৰ্যায়ৰ এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়।
অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ পৰামৰ্শদাতা দিব্যজ্যোতি শৰ্মাই আঁত ধৰা তথা আয়োগৰ অধ্যক্ষা ডঃ সুনীতা চাংকাকতিৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ এই সভাখনৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ ঘটে। আদৰণী ভাষণত ডঃ সুনীতা চাংকাকতিয়ে শিশু অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত শিক্ষক–শিক্ষয়িত্ৰী আৰু আৰক্ষীৰ কৰ্তব্যৰ ওপৰত আলোকপাত কৰি সকলোকে আদৰণি জনায়।

আয়োগৰ সদস্য ফণীন্দ্ৰ বুজৰবৰুৱাই ভাষণত বৰ্তমানৰ শিক্ষা, সুৰক্ষা পদ্ধতি আৰু প্ৰাচীন পদ্ধতিৰ তুলনামূলক বিশ্লেষণ দাঙি ধৰে। আন এগৰাকী সদস্য অজয় কুমাৰ দত্তই অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগ আৰু শিশু অধিকাৰ সুৰক্ষা প্ৰণালীৰ বিষয়টো বিশদভাৱে ব্যাখ্যা কৰে।

আজিৰ এই প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰথম কাৰিকৰী সত্ৰত সমল ব্যক্তিৰূপে উপস্থিত থকা অধিবক্তা কামৰুল হুছেইনে শিশু উৎপীড়ন ৰোধৰ বাবে আইনী প্ৰক্ৰিয়া, কিশোৰ ন্যায় (শিশুৰ যত্ন আৰু সুৰক্ষা) আইন, ২০১৫ আৰু যৌন উৎপীড়নৰ পৰা শিশু ৰক্ষা আইন, ২০১২ত থকা বিভিন্ন ব্যৱস্থাৰ ওপৰত ব্যাখ্যা আগবঢ়ায়।

কাৰ্যসূচীৰ দ্বিতীয়টো কাৰিকৰী সত্ৰত সমল ব্যক্তিৰূপে উপস্থিত থকা ‘ইনটেলেক ফ’ৰাম অফ নৰ্থ ইষ্টৰ ন্যাসৰক্ষক ৰাজীৱ দত্তই শাৰীৰিক শাস্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰি শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯ৰ ব্যাখ্যা দাঙি ধৰাৰ ল’গতে সমাজত শিশু উৎপীড়ন ৰোধৰ ক্ষেত্ৰত শিক্ষকসকলৰ কৰণীয়তাৰ বিষয়টো আলোকপাত কৰে।

কাৰ্যসূচীৰ তৃতীয়গৰাকী সমল ব্যাক্তি হিচাপে উপস্থিত থকা ধুবুৰী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰ’জী ৰাণী শৰ্মাই শিশু সুৰক্ষা আইনত থকা বিভিন্ন ব্যৱস্থাৰ বিষয়ে বৰ্ণনা কৰে। অন্তত আয়োগৰ পৰামৰ্শদাতা মৃদুস্মিতা দত্তৰ ধন্যবাদসূচক ভাষণেৰে কাৰ্যসূচীৰ অন্ত পৰে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like