নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীঘোপাৰ দলনীবিলত শিশুক খুঁটাত বান্ধি তালিবানী অত্যাচাৰ 

থানাত গোচৰ তৰিলে পৰিয়ালৰ লোকে

নিয়মীয়া বাৰ্তা,  ৯ অক্টোবৰঃ বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত  দলনীবিল গাঁৱত এক জঘন্য ঘটনা সংঘটিত হৈছে। গাঁৱখনৰ চকত থকা  দোকান এখনত চুৰি কৰাৰ সন্দেহত এটি কিশোৰক তালিবানি শাস্তি প্ৰদান একাংশ লোকৰ ।প্ৰায় তিনিদিন পূৰ্বে খুটাত ৰছীৰে বান্ধি কিশোৰটিক শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলায়। দলনীবিল গাওঁৰ ইয়াদুল হ’কৰ পুত্ৰক চোৰ বুলি সন্দেহ কৰি নিশা প্ৰায় ২ বজাত শোৱাপাঠিৰ পৰা উঠাই লৈ বালাপাৰা গাঁও  পঞ্চায়তৰ দলনীবিল গাঁৱৰ  সদস্য ওমৰ আলী আৰু তেওঁৰ ভাতৃ মইনুদ্দিনয়ে  প্ৰায় দুঘণ্টা ধৰি শাৰিৰীক ভাবে অত্যাচাৰ চলায় । আনকি কিশোৰ গৰাকীক দুয়ো ভাতৃয়ে পেটত গছকি দি ক্ষান্ত নাথাকি ৰছীৰে ডিঙিত ফাঁচী লগাব বিচাৰে বুলিও অভিযোগত প্ৰকাশ । মাৰপিটৰ পিছত গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক  আবুল হোছেইন সৰকাৰৰ ঘৰলৈ নি তাতো খুটাত বান্ধি  মাৰপিট কৰাৰ অভিযোগ উত্থাপিত ।কিশোৰটিক এনে তালিবানি শাস্তিৰে  মাৰি পেলোৱাৰ এক ষড়যন্ত্ৰ কৰে ।

অৱশ্যে আবুল হোছেইনৰ হস্তক্ষেপত কিশোৰটিক এৰি দিয়ে ।এই তালিবানী শাস্তিৰ ভিডিঅ সামাজিক মধ্যমত ভাইৰেল হোৱাত যোগীঘোপা অঞ্চলত এক চাঞ্চল্য সৃষ্টি হৈছে।কিশোৰটিৰ পৰিয়ালৰ লোকে এই জঘন্য ঘটনাটোৰ তদন্ত কৰি ঘটনাৰ লগত জড়িত সকলোক উচিত শান্তি দিয়াৰ দাবী জনায়।ইতিমধ্যে কিশোৰজনৰ  পৰিয়ালৰ লোকে যোগীঘোপা থানাত এখন এজাহাৰ দাখিল কৰে ।ঘটনা সন্দৰ্ভত   যোগীঘোপা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । ইয়াৰোপৰি বঙাইগাঁও জিলাৰ শিশু সুৰক্ষা বিভাগৰ বিষয়াই থানাত হাজিৰ হৈ কিশোৰটিক সাক্ষাৎ কৰি ঘটনাৰ বুজি লয় ।

টিংকু চন্দ্ৰ দাস,  যোগীঘোপা

You might also like