নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীত টুলুঙা নাৱত সন্তান প্ৰসৱ : জন্মিয়ে মৃত্যু নৱজাতকৰ

নিয়মীয়া বাৰ্তা, ২৪ জুলাই :  দেশে স্বাধীনতা লাভ কৰাৰ ৭৫টা বছৰ পাৰ হোৱাৰ পিছতো বহু ভিতৰুৱা অঞ্চলৰ জনতাই আজিৰ তাৰিখতো যাতায়ত, স্বাস্থ্য, শিক্ষাৰ দিশত পিছ পৰি থকা পৰিলক্ষিত হৈছে ৷ বহু চৰচাপৰি, আওহতীয়া স্থানৰ লোকে যাতায়াতৰ দুৰৱস্থাৰ বাবে টুলুঙা নাঁৱেৰে নদী পাৰাপাৰ, বিধস্ত পথৰ বাবে মটৰচাইকেল, চাইকেলৰ সলনি খোজকাঢ়িয়ে অব্যাহত ৰাখিব লগা হৈছে যাতায়াত ৷ তৎকালীন ৰোগীক চিকিৎসালয়লৈ নিব লগা হলে ১০৮ৰ এম্বুলেঞ্চৰ সলনি  ট্ৰেক্টৰ , ঘোঁৰাগাড়ী , ঠেলা  গাড়ীয়ে হৈ পৰে  প্ৰধান বাহন ৷ ৰাজ্যৰ আন স্থানসমুহতকৈ এনে স্পৰ্শকাতৰ স্থানসমুহ মাজুলী-লখিমপুৰৰ সীমামুৰীয়া গাঁও, মাজুলীৰ মুল মাথাউৰিৰ বাহিৰৰ গাঁওসমুহ অন্যতম ৷ শেহতীয়াকৈ সামাজিক মাধ্যমত এখন টুলুঙা নাৱত  এটি  নৱজাতকৰ জন্মৰ ভিডিঅ প্ৰচাৰ হোৱাৰ পিছতেই সচেতন মহলৰ চকু কপালত উঠিছে ৷ এই ভিডিঅ কেতিয়াৰ আৰু কোন স্থানৰ এই কথা  এই প্ৰতিবেদকৰ তদন্তত পোহৰলৈ আহিছে উল্লেখ্য যে ১৭ জুলাইত শেহতীয়াকৈ মাজুলী জিলাৰ লগত সংলগ্ন হোৱা লুহিত-খাৱলী গাঁও পঞ্চায়তৰ অন্তৰ্গত চানং গাঁৱৰ মৰ্মান্তিক দৃশ্য। জানিব পৰা মতে চানং গাঁৱৰ  কৃষ্ণকান্ত দলেৰ পত্নী ভন্তী পগাগ দলে নামৰ গৰ্ভাৱস্থাৰ মহিলাগৰাকীৰ পেটৰ অত্যধিক বিষ হোৱাত ততাতৈয়াকৈ মাজুলীৰ গড়মুৰ পীতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়লৈ অনাৰ ব্যৱস্থা কৰা হয় ৷ পথৰ বিধস্ত অৱস্থা, গাঁওখনৰ বাবে যাতায়তৰ অভিশাপ স্বৰূপ নদীখনৰ বাবে গৰ্ভাৱতী মহিলাগৰাকীক টেক্টৰত তুলি চানংঘাটলৈ অনা হয়৷ মহিলাসকলৰ তৎপৰতাত মহিলাগৰাকীক টুলুঙা নাওখনত তুলি মাজুলীৰ দিশে অনা হৈছিল যদিও টুলুঙা নাওখনৰ ওপৰতেই মহিলাসকলে তৰি দিয়া আঁৰকাপোৰৰ আঁৰত জন্ম এটি নৱজাতকৰ ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে উপযুক্ত চিকিৎসাৰ অভাৱত নাৱৰ ওপৰতে মৃত্যু হয় নৱজাতকটিৰ৷ বাট পথৰ দুৰৱস্থা, মাজত ভৰবাৰিষাৰ কালমূৰ্ত্তি ধৰা সোৱনশিৰিৰ বাবে চিকিৎসালয় আহি নৌপাওঁতেই আধা বাটতেই সংঘটিত হল এই মৰ্মান্তিক ঘটনা ৷ পূৰ্বে কাষৰীয়া উপস্বাস্থ্যকেন্দ্ৰত মাতৃগৰাকীৰ চিকিৎসা অব্যাহত ৰাখিছিল বুলি জানিব পৰা গৈছে ৷ হতভাগী মাতৃৰ বুকু উদং কৰি অজান মুলুকলৈ যোৱা পুত্ৰৰ শদেহ লৈ ঘাটৰ পৰাই ওভতাই নিব লগা প্ৰসূতি মাতৃগৰাকীসহ স্বৰ্গগামী নৱজাতক৷ উল্লেখ্য যে প্ৰায় ৩০খন গাঁৱৰ জনতাই যাতায়াতৰ দুৰৱস্থাৰ বাবে যমৰ যাতনাৰে জীৱন -যাপন কৰা কথা জনপ্ৰতিনিধিসকলে দেখি আহিছে যদিও এই লোকসকলক যাতায়ত স্বাস্থ্যৰ দিশত যিদৰে গুৰুত্ব দিব লাগিছিল, তেনেদৰে গুৰুত্ব নিদিয়াৰ বাবে এনেধৰণৰ কৰুণ ঘটনা সংঘটিত হৈ আহিছে। বিভিন্ন সময়ত নদী ঘাটত ১০৮ সেৱাৰ এম্বুলেঞ্চ ৰাখিবলৈ দাবী জনায়ো সুফল নাপায় দিশহাৰা ৰোগী৷ দিক-বিদিক হেৰুৱাই পেলোৱা লুইত-খাৱলীবাসীয়ে মুখ্যমন্ত্ৰীৰ সদিচ্ছা আশা কৰিছে ৷
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড
You might also like