নিয়মীয়া বাৰ্তা , ১ ফেব্ৰুৱাৰীঃ আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংগঠন চেভ্ দ্য চিলড্ৰেনৰ উদ্যোগত ধেমাজি জিলাৰ মূৰ্কংচেলেক জনজাতি উন্নয়ন খণ্ড আৰু চিচিবৰগাঁও উন্নয়ন খণ্ডৰ পিছপৰা, অনুন্নত অঞ্চলত ক’ভিডৰ কবলত বাধাগ্ৰস্ত হোৱা ছাত্র-ছাত্ৰীসকলৰ শৈক্ষিক পৰিৱেশ ঘূৰাই অনাৰ লক্ষ্য আগত ৰাখি চাৰিদিনীয়া কাৰ্যসূচীৰে শৈক্ষিক সজাগতা সভাৰ অভিযান গ্রহণ কৰিছে। চাৰিদিনীয়া কাৰ্যসূচীৰ অংশ হিচাপে ৩১ জানুৱাৰীত মুৰ্কংচেলেক জনজাতি উন্নয়ন খণ্ডৰ গালি চিকাৰী গাঁও পঞ্চায়তৰ গালিঘাট অঞ্চলত শৈক্ষিক সজাগতা সভাৰ আয়োজন কৰি ক’ভিডৰ কবলত পৰা ছাত্র-ছাত্ৰী সকলক পুনৰ বিদ্যালয়মুখী কৰি তোলাৰ লক্ষ্যৰে প্ৰচাৰ অভিযান চলায়।
উক্ত কাৰ্য্যসূচীৰে আজি তেলাম গাঁও পঞ্চায়তৰ তেলাম নেপালী বস্তি,চিমেন চাপৰি গাওঁ পঞ্চায়তৰ বজাৰ এলেকা, আমলখি তিনিআলি, আৰভিচি অঞ্চলত প্ৰচাৰ অভিযানেৰে শৈক্ষিক সজাগতা সভা অনুষ্ঠিত কৰা হয়। ছাত্ৰ-ছাত্ৰী,শিক্ষক আৰু অভিভাৱকসকলৰ মাজত শৈক্ষিক অভিযান চলোৱা সময়ত ক’ভিডৰ পৰা বাছি থাকিবলৈ একৰ পৰা দুই মিটাৰ দূৰত্ব বজাই ৰখা, মাস্ক পৰিধান কৰা, নাখ, কাণ, মূখ, বাৰে বাৰে চুই নেথাকি চাবোনেৰে সঘনাই হাত ধুৱা, নিজৰ ব্যক্তিগত বস্তু আনক ব্যৱহাৰ কৰিব নিদিয়া, জ্বৰ,কাহ, নাকৰ পৰা পানী ওলোৱা, চৰ্দি লগা উমান পালে নিজ পিতৃ-মাতৃ নহ’লে স্কুলৰ শিক্ষকক তথালিকে জনোৱা, ক’ভিডত আক্ৰান্ত হোৱা বন্ধু-বান্ধৱীক তাচ্ছিল্য নকৰি সহায় কৰাৰ লগতে শিক্ষকসকলে নিজৰ স্কুলসমূহ পৰিস্কাৰ কৰি ৰখা আৰু ব্যৱহাৰ হোৱা শৈক্ষিক সামগ্ৰীবোৰ সদায় চেনিটাইজাৰ কৰা, শিক্ষক, শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰে জাৰি কৰা ক’ভিড বিধি মানি চলা বিষয়ে গাঁৱে-ভূঞে প্ৰচাৰ চলাই শৈক্ষিক সজাগতা অভিযান আৰম্ভ কৰে।
আনহাতে অভিভাৱকসকলে ছাত্ৰ-ছাত্ৰী তথা নিজৰ ল’ৰা-ছোৱালীক ক্ৰীড়া, সংগীত, বাগিছা আদি সৃষ্টিশীল কামত মনোনিবেশ কৰোৱাই চিন্তা-চেতনাক সজীৱ কৰি ৰখাৰ আহ্বান জনায়। আৰভিচিৰ সচিব তথা ছেভ্ দা চিলড্ৰেনৰ কনছাল্টটেন্ট ধৰ্মৰাজ কাৰ্কি, ছেভ্ দা চিলড্ৰেনৰ কনছাল্টটেন্ট পুণ্য দাহাল,দিদিপ মিলি, বৃন্দাবন বৰুৱা, আৰভিচিৰ কৰ্মচাৰী পাপু সোনোৱালৰ নেতৃত্বত অনুষ্ঠিত কৰা হয় । উক্ত কাৰ্য্যসূচী অহা ৫ আৰু ৬ ফেব্ৰুৱাৰীত ক্ৰমে লাইমেকুৰী আৰু মুক্তিয়াৰ গাওঁ পঞ্চায়তত অনুষ্ঠিত হব।