নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙত পুনৰ ২টা হাতী দাঁতৰ সৈতে এজনক আটক

নিয়মীয়া বাৰ্তা, ২৫ আগষ্ট: দুদিন পূৰ্বে চিৰাং জিলাৰ ভূটান সীমান্তৱৰ্তী দাদগিৰীত দুটা প্ৰকাণ্ড হাতী দাঁতৰ সৈতে এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ পিছত যোৱা নিশা পুনৰ দুটা হাতী দাঁতৰ সৈতে এজন লোকক আটক কৰা বুলি জানিব পৰা গৈছে।

বিশেষ সূত্ৰে লাভ কৰা তথ্যৰ আধাৰত তথা চিৰাং জিলা বন প্ৰাধিকাৰী ব্ৰহ্মানন্দ পাতিৰিৰ নিৰ্দেশ ক্ৰমে কালি ৰুণীখাটা বনাঞ্চলিক বিষয়াৰ নেতৃত্বত বন সুৰক্ষা বাহিনী আৰু এছ এছ বিৰ এটি যৌথ অভিযানকাৰী দলে ৰুণীখাটা থানাৰ অন্তৰ্গত লাইমুটি অঞ্চলত চোৰাং চিকাৰী আটক কৰা আৰু লুকুৱাই ৰখা হাতী দাঁত উদ্ধাৰৰ বাবে অভিযান চলাই চলাইছিল। অভিযানকাৰী দলে লাইমুটি বজাৰৰ সমীপৱৰ্ত্তী দৈমুগুৰী গাঁৱৰ জৰেবাংগাল বৰগয়াৰী নামৰ ব্যক্তিজনৰ ঘৰত তালাচী চলাই লুকুৱাই ৰখা দুটা হাতী দাঁত উদ্ধাৰ কৰে।

অভিযানকাৰী দলে পাছত জৰেবাংগাল বৰগয়াৰীক আটক কৰি নিজৰ জিম্মাত লয়। এক বিশেষ সূত্ৰে জানিব পৰা মতে জৰেবাংগাল বৰগয়াৰী নামৰ ব্যক্তিজনৰ জোৱায়েক জন চোৰাং চিকাৰ তথা বন্য প্ৰাণীৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত। জৰেবাংগাল বৰগয়াৰীৰ পলাতক জোৱায়েকক আটক কৰিবলৈ চিৰাং জিলা বন বিভাগে অভিযান অব্যাহত ৰাখিছে আৰু অধিক তথ্য উদ্ধাৰৰ বাবে জৰেবাংগাল বৰগয়াৰীক বন বিভাগে নিজৰ জিম্মাত ৰাখি সোধাপোছা অব্যাহত ৰাখিছে। কালি উদ্ধাৰ কৰা হাতী দাঁত দুটাৰ ওজন ৬.২৩৫ কিলোগ্ৰাম। আন্তঃৰাষ্ট্ৰীয় বজাৰত হাতী দাঁতৰ প্ৰতি কিলোগ্ৰামত প্ৰায় দুই লাখ টকা বুলি জানিব পৰা গৈছে।।

You might also like