এবছুৰ উদ্যোগত চিৰাঙত সন্ত্ৰাসবাদ বিৰোধী দিৱস পালন
নিয়মীয়া বাৰ্তা, ৩০ জুলাই: নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আজি চিৰাঙত সন্ত্ৰাসবাদ বিৰোধী দিৱস পালন কৰা হয় । বিগত বছৰবোৰৰ দৰে এইবেলিও এবছুৰ ভূতপূৰ্ব সভাপতি প্ৰয়াত জহৌলাও শ্বামলা বসুমতাৰীৰ ২৪ সংখ্যক মৃত্যু দিৱসৰ লগত সংগতি ৰাখি আজি সন্ত্ৰাসবাদ বিৰোধী দিৱস পালন কৰা হয় ।
প্ৰয়াত নেতাজনৰ জন্মস্থান চিৰাং জিলাৰ গয়বাৰীত অনুষ্টুপীয়াকৈ পালন কৰা সন্ত্ৰাসবাদ বিৰোধী দিৱসৰ কাৰ্যসূচী অনুসৰি জহৌলাও শ্বামলা বসুমতাৰী খেলপথাৰত পুৱাৰ ভাগত নিখিল বড়ো ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে এবছু সভাপতি দীপেন বড়োই। শ্বামলা বসুমতাৰীৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন কৰি পুষ্পমাল্য অৰ্পণৰে শ্ৰদ্ধা নিবেদন কৰে প্ৰয়াত ছহিদ নেতা জনৰ ধৰ্ম পত্নী ভানুমতী বসুমতাৰীয়ে ।
সন্ত্ৰাসবাদ বিৰোধী দিৱস উপলক্ষে এটি গছপুলি ৰোপন কৰি বৃক্ষৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে প্ৰাক্তন এবছু সভাপতি তথা প্ৰাক্তন সাংসদ ইউ জি ব্ৰহ্মই । অনুষ্ঠানত অংশগ্ৰহন কৰা বিশিষ্ট অতিথি আৰু এবছু কৰ্মকৰ্তা সকলে প্ৰয়াত নেতা জনৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি মৌন প্ৰাৰ্থনা কৰে আৰু সমাজত শান্তি প্ৰতিষ্ঠাৰ হকে কাম কৰি যাবলৈ সকলো পক্ষকে আহ্বান জনাই।