নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেন্নাইফেৰৎ চিৰাঙৰ ৭ যুৱক নতুনকৈ ‘কোভিড-১৯’ত আক্ৰান্ত

নিয়মীয়া বাৰ্তা, ১৮ জুনঃ চিৰাং জিলাত আজি ৭ জন যুৱকক কোভিড-১৯ পজিটিভ হিচাপে চিনাক্ত কৰা হৈছে ।
  যোৱা ১২ জুনত চেন্নাইৰ পৰা অহা যুৱক কেইজনৰ ৬জনক চিদলী থানাৰ অন্তৰ্গত কাশীকোত্ৰাস্থিত চিদলী-কাশীকোত্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কোৱাৰেন্টাইন চেন্টাৰত আৰু এজনক বিজনীৰ আম্বেদকাৰ কোৱাৰেন্টাইন চেন্টাৰত ৰখা হৈছিল ।
আজি চেন্নাইফেৰৎ সাত যুৱকৰ ছোৱাব পৰীক্ষাৰ ফলাফল ‘কোভিড-১৯’ পজিটিভ বুলি জানিব পৰা গৈছে । জিলা প্ৰশাসনে ফলাফল লাভ কৰাৰ লগে লগে যুৱক কেইজনক কোৱাৰেন্টাইন চেন্টাৰৰ পৰা আনি কাজলগাঁওস্থিত জে এছ বি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰে। আজি চিনাক্ত কৰা ৬ জনক ৰুণিখাটা আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে ।
 চিৰাং জিলা স্বাস্থ্য বিভাগ আৰু জিলা তথ্য আৰু জনসংযোগ বিভাগে সংবাদ মাধ্যমক জানিবলৈ দিয়ে অনুসৰি আজি বিয়লিলৈকে জিলা খনত মুঠ আক্ৰান্তৰ সংখ্যা ২৬ জন। তেওঁলোকৰ ভিতৰত ইতিমধ্যে ১১ জনে আৰোগ্য লাভ কৰাত চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হৈছে । বৰ্তমান জিলা সদৰস্থিত জেএছবি অসামৰিক চিকিৎসালয়ত ১৫ জন ‘কোভিড-১৯’ পজিটিভ ৰোগী চিকিৎসাধিন হৈ আছে ।।       
You might also like