চিৰাঙত পানীৰ সোঁতে উটুৱাই নিলে কালভাৰ্ট, যোগাযোগ ব্যাহত
নিয়মীয়া বাৰ্তা , ২৫ জুন: চিৰাঙত বিগত কেইবা ঘন্টা ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বিভিন্ন অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে । গাঁৱৰ পথাৰ, খাল-দোং,জান-জুৰি সমূহ বৰষুণৰ পানীৰে উপচি পৰাত জান সমূহত তীব্ৰ সোঁতৰ সৃষ্টি হৈছে । পানীৰ প্ৰবল সোঁতে কাল ৰূপ ধাৰণ কৰি পথত থকা দলং আৰু কালভাৰ্ট সমূহলৈ ভাবুকি কঢ়িয়াই আনিছে ।
আজি পুৱাৰ ভাগতে জিলা খনৰ চিদলী ৰাজহ চক্ৰৰ অন্তৰ্গত গৰামাৰা গাঁৱৰ পৰা দহলাপাৰালৈ যোৱা গড়কাপ্তানি পথৰ সোঁমাজত থকা ডাঙৰ কালভাৰ্ট এটা পানীৰ কোবাল সোঁতে উটুৱাই নিয়ে। কালভাৰ্টটো উটি যোৱাৰ ফলত মূল পথটো বিচ্ছিন্ন হৈ বৃহত্তৰ অঞ্চলটোৰ যাতায়াত ব্যাহত হৈ পৰিছে ।এনেদৰে নেৰানেপেৰা বৰষুণ দি থাকিলে জিলা খনৰ বহু অঞ্চলত বানপানীয়ে ভয়াবহ ৰূপ ধাৰণ কৰাৰ আশংকা কৰা হৈছে ।।