২নং টুপামাৰীৰ চ’ক বজাৰত নিশা চোৰৰ চাফাই অভিযান
নিয়মীয়া বাৰ্তা, ৪ মে: নগৰবেৰাৰ টুপামাৰী আৰক্ষী চকীৰ অধীনস্থ টুপামাৰী অঞ্চলত চোৰৰ তাণ্ডৱ, নিশা বৰষুণৰ মাজতে ২ নং টুপামাৰী চ’ক বজাৰৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত অচিনাক্ত চোৰে চলালে লুটপাত |বজাৰ খনৰ আব্দুৰ ৰহিম নামৰ এজন ব্যৱসায়ীৰ একেলগে থকা ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত বুধবাৰৰ নিশাৰ ভাগত চোৰে লুটপাত চলায় |কাঠৰ খলপাখলপ দুৱাৰৰ তক্তা এচটা বলপূৰ্বক খুলি চোৰ ভিতৰত প্ৰবেশ কৰে আৰু বিভিন্ন বয়বস্তু,নগদ ধনৰ উপৰি চোৰে বেংক গ্ৰাহক সেৱা কেন্দ্ৰত ব্যৱহৃত প্ৰিণ্টাৰ মেচিন এটা লৈ উধাও হয় |
জানিব পৰা মতে ইয়াৰ পূৰ্বেও একাধিকবাৰ ব্যৱসায়িক প্ৰতিষ্ঠান খনত প্ৰতিকুল বতৰৰ পৰত সংঘটিত হৈছিল অনুৰূপ চুৰিকাণ্ড |
প্ৰতিবাৰেই ব্যৱসায়ী আব্দুৰ ৰহিমে আৰক্ষীক চুৰিকাণ্ড সন্দৰ্ভত অৱগত কৰিও কোনো সুফল নোপোৱাৰ অভিযোগ ,চোৰৰ এনে উপৰ্যুপৰি তাণ্ডৱত বিমোৰত পৰিছে ব্যৱসায়ী আব্দুৰ ৰহিমৰ একেদৰে গাঁৱবাসীও হৈ পৰিছে ভীতিগ্ৰস্ত |
@ প্ৰেৰক-সঞ্জীৱ কুমাৰ দাস