মাজুলীত চিলাৰায় দিৱস উদ্যাপনঃ চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ীক বঁটা প্ৰদান
নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ মাজুলী জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু মাজুলী জিলা কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত আজি গড়মূৰস্থিত চিলাৰায় ভৱনত মহাবীৰ চিলাৰায়ৰ ৫১২ সংখ্যক জন্মদিৱস উদ্যাপন কৰা হয়৷ সেইমৰ্মে দিনজোৰা কাৰ্যসূচীৰ পুৱা দুয়োটা সংগঠনৰ পতাকা উত্তোলন কৰে জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি ক্ষীৰেশ্বৰ শইকীয়া আৰু কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ জিলা সভাপতি আদিত্য দত্তই ৷ বীৰজনাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে উপদেষ্টাদ্বয় কৃষ্ণকমল শইকীয়া আৰু অনন্ত দত্তই ৷ পুষ্পাঞ্জলি অৰ্পণ কৰে দুয়োটা সংগঠনৰ সম্পাদক ক্ৰমে পংকজ বৰুৱা, সুব্ৰত দত্ত আৰু নীলকমল শইকীয়াই ৷
চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা চিত্ৰাংকন প্ৰতিযোগিতাৰ “ক” শাখাত ক্ৰমে দেৱশ্ৰী নাথ, আৰাধ্যা শুভলক্ষ্মী, ৰেখা দত্তই প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ৷ নিচুকনি বঁটা লাভ কৰে জ্ঞানদীপ মেধিক ৷ “খ”শাখাত প্ৰথম স্থান লাভ কৰে নয়ন বৰুৱা, দ্বিতীয়-দিচান বাল্মীকি আৰু তৃতীয় স্থান লাভ কৰে চিন্ময়ী বৰাই ৷ হৰিপ্ৰিয়া শইকীয়াক নিচুকনি বঁটা আগবঢ়ায় ৷ কোচ ৰাজবংশী সন্মিলনীৰ ৰাজ্যিক সদস্য দেৱজিৎ দত্তই উদ্বোধন কৰা প্ৰতিযোগিতাৰ বিচাৰকৰ দায়িত্ব পালন কৰে পংকজ দত্ত, জুলি ভৰালী আৰু পৰীণীতা শৰ্মাই ৷ দিনৰ ১২ বজাৰ পৰা ক্ষীৰেশ্বৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন উদ্বোধন কৰে সন্মিলনীৰ প্ৰাক্তন সভাপতি সৰ্বেশ্বৰ হাজৰিকাই ৷
সভাত বিশিষ্ট অতিথি ৰূপে হাউচিং বৰ্ডৰ উপাধ্যক্ষ সুভাষ দত্ত, মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড°দেৱজিত শইকীয়া, কলিতা জনগোষ্ঠী সন্মিলনীৰ সভাপতি জিতেন ডেকা, সূত সন্মিলনীৰ সভাপতি পুলিন বৰা, ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক পবিত্ৰ গোস্বামী, উপ-সভাপতি দীপক নেওগ, সন্মিলনীৰ প্ৰাক্তন সভাপতি দধিৰাম বৰুৱা, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা° শশীধৰ ফুকন, যুৱ ছাত্ৰ পৰিষদৰ জিলা সভাপতি মুনীন্দ্ৰ ভূঞা, অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সভাপতি বিকাশ দাস, চুতীয়া উন্নয়ন পৰিষদৰ মাজুলীৰ সদস্য বিপুল চুতীয়া প্ৰমুখ্যে বহুসংখ্যক জনগোষ্ঠীটোৰ লোক উপস্থিত থাকে ৷
সভাত জনগোষ্ঠীটোৰ বিভিন্ন সমস্যা, জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰৰ হেমাহি আদি সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয় ৷ সভাত বহু বছৰ নিষ্ঠাৰে চিকিৎসা সেৱা আগবঢ়াই মাজুলীবাসীৰ পৰিচিত, মাজুলীৰ পৰা বদলি হৈ পুনৰ মাজুলীলৈ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ৰূপে বদলি হৈ অহা ডা° শশীধৰ ফুকনক সম্বৰ্ধনা জনোৱা হয় ৷ চিলাৰায় দিৱসৰ কাৰ্যসূচীত সন্মিলনীৰ লগতে ছাত্ৰ সংগঠনৰ বিষয়ববীয়াৰ লগতে ক্ষীৰোদ বৰা, ধ্ৰুৱজ্যোতি বৰা, শোনিত হাজৰিকা, প্ৰশান্ত বৰা, উৎপল কাকতি, পৱন হাজৰিকা, কৃষ্ণ দত্ত, বলীন কাকতি আদিয়ে অনুষ্ঠানটি সাফল্যমণ্ডিত হোৱাত পূৰ্ণ সহযোগিতা আগবঢ়ায় ৷ দিনটোৰ সমূহ কাৰ্যসূচীৰ আঁত ধৰে সুব্ৰত দত্ত আৰু পৰাগ শইকীয়াই ৷
প্ৰেৰক ৰূপজ্যোতি বৰা