নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙৰ বেংতলত ৪ শতাধিক চোৰাং চিকাৰী তথা বনজ সম্পদ ধ্বংসৰ সৈতে জড়িতৰ অস্ত্ৰ সম্বৰণ

নিয়মীয়া বাৰ্তা, ২ অক্টোবৰ: চিৰাং জিলাৰ ৰুণিখাটা আৰক্ষী থানাৰ অন্তৰ্গত বেংতলত আজি ৪ শতাধিক চোৰাং চিকাৰী তথা বনজ সম্পদ ধ্বংসৰ সৈতে জড়িত ব্যক্তিয়ে অস্ত্ৰ সম্বৰণ কৰে। বন বিভাগৰ বেংতলস্থিত বীট অফিচ চৌহদত অনুষ্ঠিত অস্ত্ৰ সম্বৰণ কাৰ্যসূচীত চোৰাং চিকাৰত জড়িত দুই শতাধিকে হস্ত নিৰ্মিত বন্দুক, গুলী আৰু দুই শতাধিকে হোণ্ডা শ্ব মেচিন,হাত কৰত,মটৰ চাইকেল, চাইকেল, ট্ৰ’লী আদি বিভিন্ন সামগ্ৰী বন বিভাগক অৰ্পণ কৰি অসম চৰকাৰ,বিটিআৰ চৰকাৰৰ বন সুৰক্ষা অভিযানলৈ সহাৰি জনায় মূল সুঁতিলৈ প্ৰত্যাৱৰ্তন কৰে। চিৰাং আৰু কোকৰাঝাৰ জিলাৰ বনাঞ্চলত সক্ৰিয় এই চোৰাং চিকাৰী তথা বনজ সম্পদ লুন্ঠনকাৰীৰ আত্ম সমৰ্পন বৰ্তমানৰ অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰৰ বাবে বৃহৎ সফলতা বুলি বন্য প্ৰেমী তথা প্ৰকৃতি প্ৰেমী সকলে মত প্ৰকাশ কৰিছে। ]

বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমত শান্তি স্থাপন আৰু বনজ সম্পদ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতি সহাৰি জনাই বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়োই বনজ সম্পদ ধ্বংসৰ সৈতে জড়িত লোক সকলক মূল সুঁতিলৈ ঘূৰাই আনি তেওঁলকক পুনৰ সংস্থাপনৰ ব্যৱস্থা হাতত লৈছে। বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য জনে আজি অস্ত্ৰ সম্বৰণ কৰা সকলক ৫০ হাজাৰ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ উপৰিও অন্যান্য সকলক উন্নয়ন খণ্ডৰ জৰিয়তে বিভিন্ন আঁচনি প্ৰদান কৰি সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।

আজিৰ অস্ত্ৰ সম্বৰণ অনুষ্ঠানত চিদলী বিধান সভা সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী, অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান তথা বিটিআৰৰ আই জি পি এল আৰ বিষ্ণয়,বিটিআৰৰ মুখ্য বন সংৰক্ষক অনুৰাগ সিং, একাধিক ই এম, এম চি এল এ, চিৰাং জিলা আৰক্ষী অধীক্ষক,অতিৰিক্ত উপায়ুক্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক, ইউপিপিএল দলৰ জ্যেষ্ঠ নেতা প্ৰমুখ্যে অন্যান্য বহু বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

You might also like