চিৰাঙত মাৰণাস্ত্ৰ আৰু গুলী উদ্ধাৰ
নিয়মীয়া বাৰ্তা ১২ ফেব্ৰুৱাৰী: চিৰাঙত আজি পুনৰ মাৰণাস্ত্ৰ আৰু সক্ৰিয় গুলী উদ্ধাৰ হৈছে। জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত আৰক্ষী অধীক্ষক সুধাকৰ সিঙে সংবাদ মাধ্যমৰ আগত এই তথ্য সদৰি কৰিছে। আৰক্ষী অধীক্ষকে জানিবলৈ দিয়া মতে অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত তথা পানবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু ১৫৬ চি আৰ পি বাহিনীৰ সহযোগত চলোৱা এক তালাচী অভিযানত আজি পুৱা প্ৰায় ৪:৩০ বজাত জিলা খনৰ পানবাৰী থানাৰ অন্তৰ্গত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ-পশ্চিম দিশৰ আমলাইগুৰিত গাঁতত পুতি ৰখা অৱস্থাত মাৰণাস্ত্ৰ আৰু সক্ৰিয় গুলী সমূহ উদ্ধাৰ কৰা হয়।
উদ্ধাৰ কৰা মাৰণাস্ত্ৰ সমূহৰ ভিতৰত এ কে চিৰিজৰ কাৰখানাত নিৰ্মিত দুটা ৰাইফল, দুটা এ কে চিৰিজৰ মেগজিন আৰু সক্ৰিয় গুলী ৫৫ জাঁই, এটা মেগজিনৰ সৈতে এম ২০ পিষ্টল ১টা আৰু ৯ মিলিমিটাৰৰ ২টা সক্ৰিয় গুলী উদ্ধাৰ কৰিবলৈ সক্ষম। এক বিশেষ সূত্ৰে লাভ কৰা তথ্যৰ আধাৰত পলিথিনত মেৰিয়াই গাঁতত পুতি ৰখা অৱস্থাত উক্ত মাৰণাস্ত্ৰ আৰু সক্ৰিয় গুলী সমূহ উদ্ধাৰ কৰে। ঘটনাৰ সৈতে জড়িত ব্যক্তিৰ সন্ধানত চিৰাং আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জিলা আৰক্ষী অধীক্ষকে সংবাদ মাধ্যমক জনাইছে।