নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ব্লাড কম্পনেণ্ট চেপাৰেছন চেণ্টাৰ মুকলি

বিশেষ বাৰ্তা, ৩ ছেপ্টেম্বৰ : নগাঁও জিলাবাসীৰ বাবে এক সুখবৰ। নগাঁৱৰ স্বাস্থ্যখণ্ডত আজি নতুনকৈ সংযোজন হ’ল “ব্লাড কম্পনেন্ট চেপাৰচেন চেন্টাৰ”। নগাঁও জিলা বাসী তথা তথা মধ্য অসমৰ এখন গুৰুত্বপূৰ্ণ চৰকাৰী চিকিৎসালয় নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত আজিৰে পৰা আৰম্ভ হৈছে “ব্লাড কম্পনেন্ট চেপাৰেচন চেন্টাৰ”৷ এই ব্যৱস্থাৰ জৰিয়তে ৰোগীক দৰকাৰ হোৱা গ্ৰুপৰ তেজৰ পৰা যিটো উপসৰ্গ প্ৰয়োজন সেইটো প্ৰদান কৰা হ’ব।ফলস্বৰূপে এগৰাকী ৰোগীক প্ৰয়োজনীয় তেজৰ উপৰ্সগ প্ৰদান কৰি অতিৰিক্ত তেজৰ উপৰ্সগ সুন্দৰকৈ জমা ৰাখিব পৰা যাব। ইয়াৰোপৰি কভিড ৰোগীৰ বাবেও ভাল খবৰ এতিয়াৰে পৰা আৰ টি পিচিআৰ পৰীক্ষাও নগাৱঁতে উপলব্ধ হৱ৷ৰোগীৰ বাবে সম্পূৰ্ণ বিনামূলীয়াকৈ হবলগীয়া দুয়োটা সেৱা আজি নগাঁও বাসী ৰাইজৰ বাবে মুকলি কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। চেণ্টাৰটো আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়া ভাষণ প্ৰসংগত বিধায়ক ৰূপক শৰ্মাই নগাঁও জিলা বাসীক উন্নত স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদান কৰা উদ্দেশ্যে অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ লগতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই গ্ৰহণ কৰা উল্লেখযোগ্য পদক্ষেপৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। আজি “ব্লাড কম্পনেন্ট চেপাৰেচন চেন্টাৰ” সেৱা মুকলি কৰা অনুষ্ঠানত নগাঁও জিলা অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত বৰুৱা,নগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডা:অৰূপজ্যোতি মহন্ত,নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ অধীক্ষক এল চি নাথ প্ৰমুখ্যে স্বাস্থ্য বিভাগৰ বিভিন্ন বিষয়া কৰ্মচাৰী, চিকিৎসক আৰু চিকিৎসা কৰ্মী সকল উপস্থিত থাকে।

প্ৰেৰক কনক হাজৰিকা

You might also like