বিশেষ বাৰ্তা, ৫ নৱেম্বৰঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি মেঘালয়ৰ উমিয়াম হ্রদত ৰাইজিং ছান ৱাটাৰ ফেষ্টৰ সামৰণী অনুষ্ঠানত অংশগ্রহণ কৰে৷ উল্লেখ্য যে ভাৰতীয় সেনাৰ ইষ্টার্ণ কমাণ্ড, গজৰাজ কর্পছ আৰু ৰেড হর্ণছ ডিভিজনে ৩ নৱেম্বৰৰ পৰা তিনিদিনীয়া কার্যসূচীৰে এই উৎসৱৰ আয়োজন কৰিছিল৷ এই উপলক্ষে প্রদান কৰা ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই দেশৰ বিভিন্ন ক্লাব আৰু খেলুৱৈসকলক ৰয়িং আৰু নাও চালনাৰ বাবে একত্রিতকৰণ তথা অংশগ্রহণৰ এক উমৈহতীয়া মঞ্চ প্রদান কৰা বাবে আয়োজক সমিতিৰ শলাগ লয়৷ তেওঁ মন্তব্য কৰে যে উমিয়াম হৈছে মেঘালয়ৰ এক অন্যতম বৃহৎ কৃত্রিম হ্রদ৷ জলক্রীড়া তথা দুঃসাহসিক ক্রীড়াৰ বিভিন্ন সুবিধা থকা এই হ্রদটোত ৰাইজিং ছান ৱাটাৰ ফেষ্ট–২০২২ অনুষ্ঠিতকৰণে এক বিশেষ মাত্রা প্রদান কৰিলে৷ ভৱিষ্যতে ৰয়িং আৰু নাও চালনাৰ ক্রীড়াশৈলী পৃষ্ঠপোষকতা কৰাৰ দিশত অসম আৰু মেঘালয় দুয়োখন ৰাজ্যৰ দায়বদ্ধতা এই ক্রীড় উৎসৱে বৃদ্ধি কৰিলে বুলিও তেওঁ মন্তব্য কৰে৷ মুখ্যমন্ত্রীয়ে কয় যে দুয়োখন ৰাজ্যই এই আশাব্যঞ্জক জলক্রীড়ৰ প্রচাৰৰ বাবে একেলগে কাম কৰিব লাগিব৷ এইক্ষেত্রত মুখ্যমন্ত্রীয়ে মেঘালয় চৰকাৰৰ সহযোগিতা কামনা কৰি কয় যে সেনাবাহিনীৰ সৈতে দুয়োখন ৰাজ্যৰ চৰকাৰে উমিয়ামৰ এই জলক্রীড়াস্থলী বিশ্বমানৰ পর্যায়লৈ উন্নীত কৰাৰ বাবে যুটীয়াভাৱে কাম কৰিব৷ ড০ শর্মাই লগতে মন্তব্য কৰে যে ৰাইজিং ছান ৱাটাৰ ফেষ্টৰ দৰে জলক্রীড়া উৎসৱে ভৱিষ্যতে উত্তৰ–পূর্বাঞ্চলৰ লগতে সমগ্র দেশৰ জলক্রীড়ৰ সৈতে জডিত ক্রীডাবিদক আকর্ষণ কৰাৰ পূর্ণ সম্ভাৱনা আছে৷ এই উৎসৱৰ প্রসাৰে সমগ্র অঞ্চলটোৰ আর্থ–সামাজিক বিকাশ, আন্তঃগাঁথনিৰ উন্নয়ন সাধন কৰিবলৈ সক্ষম হব বুলিও তেওঁ কয়৷ অনাগত দিনত উত্তৰ–পূর্বাঞ্চলত জলক্রীড়াৰ জনপ্রিয়তা আৰু প্রচাৰৰ ক্ষেত্রত এনে উৎসৱে এক নতুন আৰম্ভণিৰ সূচনা কৰিব বুলিও তেওঁ মন্তব্য কৰে৷ ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে ভাৰতীয় সেনাৰ শৌর্য আৰু পৰাক্রমৰো শলাগ লয়৷ অনুষ্ঠানত ভাৰতীয় সেনাৰ ইষ্টার্ণ কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চীফ লেফটেনেণ্ট জেনেৰেল ৰাণা প্রতাপ কলিতা, ইষ্টার্ণ এয়াৰ কমাণ্ডৰ এয়াৰ অফিচাৰ কমাণ্ডিং ইন চীফ এয়াৰ মাৰ্শ্বাল সুজিত পুষ্পকৰ ধৰকাৰ, জি অ চি ফৰ কর্পছৰ লেফটেনেণ্ট জেনেৰেল ডি এছ ৰাণা, জি অ চি ২১ মাউটেণ্ট ডিভিজনৰ মেজৰ জেনেৰেল এছ মুৰুগেছানৰ উপৰি বিভিন্ন গণ্য–মান্য ব্যক্তি উপস্থিত থাকে৷