মাজুলীত ৩৩/১১ কিলো ভ’ল্টৰ বিদ্যুৎ উপকেন্দ্ৰৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰী সোণোৱালৰ
নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰঃ মাজুলীৰ বিদ্যুৎ সেৱাত নতুনত্বৰ সূচনা কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (APDCL)ৰদ্বাৰা ‘দীনদয়াল উপাধ্যায় গ্ৰামজ্যোতি আঁচনি’ৰ অধীনত বনগাঁৱত নিৰ্মিত ৩৩/১১ কিলো ভ’ল্ট, ২×২.৫ কে.ভি.এ.-ৰ বিদ্যুৎ উপকেন্দ্ৰৰ শুভ উদ্বোধন কৰে।
এই উপকেন্দ্ৰটোৱে মাজুলীৰ বিভিন্ন অঞ্চলৰ বিদ্যুৎ প্ৰবাহৰ সমস্যা সমাধানৰ লগতে প্ৰায় ৭,০০০ গ্ৰাহকক উপকৃত কৰিব। লগতে ঘৰুৱা ব্যৱহাৰৰ উপৰিও ক্ষুদ্ৰ উদ্যোগ, কাৰখানাৰ বাবেও এই উপকেন্দ্ৰটো সহায়ক হ’ব।
CM Shri @sarbanandsonwal inaugurated the 33/11 KV, 2×2.5 MVA sub-station of APDCL at Bongaon in Majuli.
The substation marks augmentation of power distribution in the river island district and will provide improved quality power to around 7,000 consumers. pic.twitter.com/CpBmz8AmSY
— Chief Minister Assam (@CMOfficeAssam) October 5, 2020