নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত ২২০টা ধান বনা মিল স্থাপন-উন্নীতকৰণ’ আঁচনিৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে গুৱাহাটীত ‘অসমত ২২০টা ধান বনা মিল স্থাপন/উন্নীতকৰণ’ আঁচনিৰ শুভাৰম্ভ কৰে। এই উপলক্ষে মুখ্যমন্ত্ৰীয়ে ছয়গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে অনুমোদন পত্ৰ প্ৰদান কৰে।

‘মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা’ৰ অধীনত AACPMSৰ আৰ্থিক সাহায্যপ্ৰাপ্ত এই আঁচনিয়ে কৃষকসকলৰ উপাৰ্জন দুগুণ বৃদ্ধি কৰাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু যুৱপ্ৰজন্ম তথা উদ্যমীসকলক ধান বনা মিল স্থাপনৰ ক্ষেত্ৰত সহায় কৰিব বুলি সভাত মুখ্যমন্ত্ৰী সোণোৱালে মন্তব্য কৰে।

আঁচনিখনৰ অধীনত-

  • প্ৰতি ঘণ্টাত ১ টন আৰু ২ টন ধান বনা ক্ষমতাযুক্ত মিল স্থাপনৰ ক্ষেত্ৰত ক্ৰমে সৰ্বোচ্চ ১০ লাখ আৰু ১৫ লাখ টকালৈকে ৫০% মূলধন বিনিয়োগ ৰাজসাহায্য আগবঢ়োৱা হ’ব।
  • প্ৰতি ঘণ্টাত ১ টনৰপৰা ২ টন ধান বনা ক্ষমতাযুক্ত মিলৰ উন্নীতকৰণৰ ক্ষেত্ৰত সৰ্বোচ্চ ৫ লাখ টকালৈকে ৫০% মূলধন বিনিয়োগ ৰাজসাহায্য আগবঢ়োৱা হ’ব।
You might also like