নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনতা ভৱনত দীনদয়াল উপাধ্যায়ৰ ৰচনা সমগ্র উন্মেচন মুখ্যমন্ত্ৰীৰ

বিশেষ বাৰ্তা, ২৫ ছেপ্টেম্বৰঃ জনতা ভৱনত অসম প্রকাশন পৰিষদে প্রকাশ কৰি উলিওৱা দীনদয়াল উপাধ্যায়ৰ ৰচনা সমগ্র আজি উন্মোচন কৰে মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। উন্মোচনী ভাষণত তেওঁ কয় যে স্বাধীনতাৰ আগৰে পৰা দেশবাসীৰ মৌলিক চিন্তাক প্রেৰণা দিছিল তিনিজন মহান ব্যক্তিয়ে৷ এই মহান ব্যক্তি তিনিগৰাকী আছিল মহাত্মা গান্ধী, ৰামমোহন লোহিয়া আৰু পণ্ডিত দীনদয়াল উপাধ্যায়৷ মহাত্মা গান্ধীৰ আদর্শ আৰু অনুপ্রেৰণা সকলোৱে অনুভৱ কৰিছে আৰু ইয়াক অনুকৰণ কৰি আহিছে৷ কিন্তু আন দুজন ব্যক্তিৰ আদর্শ যি ধৰণে আলোচনা কৰিব লাগিছিল, পৰৱর্তী সময়ত সেই ধৰণে কৰা হোৱা নাছিল৷ কিয়নো, ৰাজা ৰামমোহন লোহিয়া আৰু পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ওপৰত অধ্যয়ন কৰিবলৈ পর্যাপ্ত পৰিমাণৰ নাছিল গ্রন্থ তথা তথ্য৷ দৰাচলতে জনসংঘৰ সভাপতিৰূপে পণ্ডিত দীনদয়াল উপাধ্যায় দেশবাসীৰ মৌলিক চিন্তাক যি ধৰণে প্রেৰণা দিছিল, যি চিন্তাধাৰা লৈ তেওঁ জনসংঘ স্থাপন কৰিছিল, সেই চিন্তাধাৰা আজি ভাৰতৰ মূলসুঁতিত উপনীত হৈছে৷ তেওঁৰ আদর্শই আজি দেশৰ ৰাজনীতিৰ গতিপ্রবাহ নির্ধাৰিত কৰিছে৷ তেওঁ লগতে কয়, মানৱতাবাদৰ মহান ৰাজনীতিৰ স্বপ্নদ্রষ্টা, ৰাষ্ট্রৰ সর্বাংগীণ বিকাশৰ স্বার্থত জীৱন উছর্গা কৰা পণ্ডিত দীনদয়াল উপাধ্যায়ে যি ধৰণে ৰাষ্ট্রৰ স্বার্থত চিন্তাধাৰা দাঙি ধৰিছিল, সেই চিন্তাধাৰা পৰৱর্তী সময়ত বিশ্লেষণ নোহোৱাটো এক ক্ষতি আছিল৷ অৱশ্যে ২০১৪ চনৰ পিছত তেওঁৰ আদর্শই ৰাজনৈতিক দিশ নির্ণয় কৰিছে৷ সাধাৰণতে কার্লমাক্স, লেনিন আদিৰ যি আদর্শ সেই আদর্শ পশ্চিমীয়া দেশৰ পৰা প্রবাহিত হৈ অহা আদর্শ৷ কিন্তু ভাৰতীয় সভ্যতাৰ যি মূল বোধ সেই ধাৰণা তথা আদর্শক দাঙি ধৰিছিল পণ্ডিত দীনদয়াল উপাধ্যায়৷ এই সময়ত ছোভিয়েট ৰাছিয়াৰ ৰাজনৈতিক ধাৰা কার্লমাক্স, লেনিন, ষ্টেলিনৰ দ্বাৰা যি ধৰণে প্রবাহিত হৈছিল, সেই একেদৰে ভাৰতৰ ৰাজনৈতিক ধাৰা পণ্ডিত দীনদয়াল উপাধ্যায়ৰ আদর্শৰে প্রবাহিত হ’বলৈ লৈছে৷ বিগত যোৱা ৯টা বছৰ সংসদত উত্থাপন কৰা বাজেটত পণ্ডিত দীনদয়াল উপাধ্যায়ৰ অন্ত্যোদয়া, মানৱতাবাদ আৰু সাংস্কৃতিক ৰাষ্ট্রবাদৰ প্রতিফলন ঘটিছে৷ কিন্তু বাজেট উত্থাপনৰ সময়ত যিগৰাকীয়ে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ আদর্শৰ দ্বাৰা অনুপ্রাণিত হৈ বাজেটত বিষয়বস্তু উত্থাপনৰ কথাবোৰ উল্লেখ কৰে তেওঁৰ বাহিৰে আনসকলে দীনদয়ালৰ বিষয়ে সবিশেষ জনাৰ আন কোনো পন্থা নাছিল৷ সেয়েহে প্রশ্ণ উঠে দীনদয়াল উপাধ্যায়ৰ আদর্শৰ প্রয়োজন কিয়? স্বাভাৱিকতে তেনে প্রশ্ণৰ উত্তৰ দিবলৈ যথেষ্ট পৰিমাণৰ সম্বলৰ প্রয়োজন৷ দীনদয়াল উপাধ্যায়ৰ আদর্শ ইমানেই শক্তিশালী আছিল যে স্বাধীনতাৰ পিছত তেওঁ সৃষ্টি কৰা ৰাজনৈতিক মতবাদেৰে উত্থান হোৱা দল কেতিয়াও বিভাজনৰ সন্মুখীন হোৱা নাই৷ বাঁওপন্থী আৰু বিজেপিক বাদ দি ভাৰতত প্রতিটো দল বিভাজনৰ সন্মুখীন হৈছে৷ কিন্তু পণ্ডিত দীনদয়াল উপাধ্যায়ৰ প্রেৰণাৰে জন্ম হোৱা বিজেপি এতিয়াও বিভাজনৰ সন্মুখীন হোৱা নাই৷ দীনদয়াল উপাধ্যায়ে যি শক্তিশালী মতাদর্শনৰে জনসংঘ বা বিজেপিক জন্ম দিছিল, সেই মতবাদৰ বাবেই বিজেপি আজিও বিভাজনৰ সন্মুখীন হোৱা নাই৷ তদুপৰি আন ৰাজনৈতিক দল– উদাহৰণস্বৰূপে কংগ্রেছ, সমাজবাদী পার্টি, ৰাষ্ট্রীয় জনতা দল আদি ৰাজনৈতিক দলবোৰে এটা পৰিয়ালৰ আনুগত্য স্বীকাৰ কৰি আহিছে৷ কিন্তু বিজেপিয়ে এক শক্তিশালী আদর্শক অনুকৰণ কৰি লৈ তেওঁৰ আনুগত্যক আগত লৈ চলা নাই৷ দীনদয়াল উপাধ্যায়ৰ দর্শন সৃষ্টি হৈছিল ভাৰতৰ আধ্যাত্মিক চিন্তাধাৰাৰ পৰা৷ তেওঁৰ আদর্শ ভাৰতীয় বিচাৰধাৰা আৰু আধুনিক বৈজ্ঞানিক প্রগতিৰ মাজত সামঞ্জস্যৰ সৃষ্টি কৰি দেশবাসীৰ মাজত উলিয়াই দিবলৈ সক্ষম হৈছিল৷ তেওঁ গভীৰভাৱে বিশ্বাস কৰিছিল যে সমাজ জীৱনৰ উত্তৰণৰ বাবে সবাতোকৈ প্রয়োজন সামাজিক একতাৰ নিৰবিচ্ছিন্ন প্রবাহ৷ তেওঁৰ দর্শন আছিল অন্ত্যোদয়া, সমাজৰ সকলোৰে বাবে সমধিকাৰৰ কথা৷ অন্ত্যোদয়াৰ ধাৰণাৰে কেৱল মাত্র যে গণতন্ত্রকে সুৰক্ষা দিছে এনে নহয়, এই গভীৰলৈ গৈ সামাজিক ন্যায় আৰু সমাজৰ শেষ ব্যক্তিজনলৈকে সমতা প্রদানৰ পোষকতা কৰিছে৷ পণ্ডিত দীনদয়ালৰ ভাষাত আমাৰ যি গণতন্ত্রৰ সুফল সেয়া শেষৰজন ব্যক্তিলৈকে প্রবাহিত হ’ব লাগে৷ উল্লেখ্য যে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ৰচনা সমগ্র ১৫টা খণ্ডত প্রকাশ কৰি উলিয়াইছে প্রকাশন পৰিষদে৷ এই ৰচনাৱলী সম্পাদনা কৰিছে বিশিষ্ট লেখক সুমন্ত চলিহাই৷ আজি গ্রন্থ উন্মোচনীৰ আৰম্ভণিতে দীনদয়াল উপাধ্যায়ৰ ৰচনা সমগ্রৰ জন্মৰ আঁৰৰ কাহিনী উল্লেখ কৰি প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই উল্লেখ কৰে যে ২০১৭ চনতে তেতিয়াৰ শিক্ষামন্ত্রীৰ দায়িত্বত থকা ড০ হিমন্ত বিশ্ব শর্মাই দীনদয়াল উপাধ্যায়ৰ ৰচনাৱলীক অসমীয়ালৈ অনুবাদ কৰাৰ দায়িত্ব অর্পণ কৰিছিল প্রকাশন পৰিষদৰ ওচৰত৷ কিন্তু বিভিন্ন কাৰিকৰী অসুবিধা তথা আন সমস্যাৰ বাবে এই অনুবাদ গ্রন্থ প্রকাশ কৰাত দীঘলীয়া সময়ৰ প্রয়োজন হয়৷ অৱশ্যে দীঘলীয়া প্রচেষ্টাৰ অন্তত ১৫টা খণ্ডত এই ৰচনাৱলী প্রকাশ হৈ উলিওৱাটো এক ঐতিহাসিক সময়৷ মন কৰিবলগীয়া যে এই ৰচনাৱলী অনুবাদৰ লগত জড়িত হৈ থকা অনুবাদকসকল হ’ল– ভূপেন্দ্র ৰায় চৌধুৰী, চন্দ্রভূষণ শর্মা, ড০ দেৱেন চন্দ্র দাস, গুকর্ণ মিশ্র, পৰিস্মিতা বৰদলৈ, ৰাজলক্ষ্মী খাউণ্ড, ৰীতামণি বৈশ্য, মাণিক চন্দ্র দাস, ড০ জুৰি শর্মা, গুঞ্জন ফুকন, স্বপ্ণা দেৱী শর্মা, সঞ্জীৱ কলিতা, মায়াশ্রী দেৱী আৰু ইলা দেৱী গোস্বামী৷ আজি গ্রন্থ উন্মোচনী সভাত মুখ্যমন্ত্রী ড০ শর্মাই আটাইকেইজন অনুবাদককে একোখনকৈ গ্রন্থৰে সম্ভাষণ জনায়৷ অনুষ্ঠানত মন্ত্রী ডাঃ ৰণোজ পেগু, জয়ন্ত মল্ল বৰুৱা, মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব তথা সাংসদ পবিত্র মার্ঘেৰিটাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

You might also like